নিউজ ডেস্ক,19 ডিচেম্বৰ :নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জ্বলিছে সৰ্বত্ৰ ৷ দেশৰ ভিন্ন প্ৰান্তত এই আইনৰ বিৰোধিতাত ৰাজপথলৈ ওলাই আহিছে প্ৰতিজন নাগৰিক,দল-সংগঠন আৰু ছাত্ৰ-ছাত্ৰী ৷
লোকসভা আৰু ৰাজ্যসভাত এই আইনখন গৃহীত হোৱাৰ পাছৰে পৰা দেশত সৃষ্টি হৈছে ভয়ানক পৰিস্থিতিৰ ৷ প্ৰতিবাদকাৰীসকলে এই আইনখনৰ বাতিলৰ দাবী জনাই উত্তাল কৰি তুলিছে পৰিস্থিতি ৷ ঠায়ে-ঠায়ে প্ৰতিবাদকাৰীসকলে ক্ষতিগ্ৰস্ত কৰিছে বহু চৰকাৰী আচৱাব,জ্বলাই দিছে বহু বাহন ৷ এই ভয়ানক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে মোতায়ন কৰিছে অতিৰিক্ত সেনাবাহিনী ৷
বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত উত্তাল হৈ পৰে উত্তৰ প্ৰদেশ ৷ আইনখনৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীসকলে জ্বলাই দিয়ে এখন ৰাজহুৱা বাছ ৷ প্ৰতিবাদকাৰীসকলে ক্ষতিগ্ৰস্ত কৰে বহু সামগ্ৰী ৷ যাৰ বাবে উত্তৰ প্ৰদেশত কৰ্তন কৰা হয় ইন্টাৰনেট সেৱা ৷
জিলাধিকাৰী অবিনাশ কে সিঙে কয় যে, আইনখনৰ বিৰোধিতা কৰিবলৈ অহা প্ৰতিবাদকাৰীসকলে আৰক্ষী চকীতো শিলগুটি নিক্ষেপ কৰিছিল ৷ ইফালে, উত্তৰ প্ৰদেশত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি তাৰ বাবে ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে বুলি মন্তব্য কৰে জিলাধিপতিগৰাকীয়ে ৷