অসম

assam

ETV Bharat / bharat

দিল্লীত প্ৰতিবাদৰ পাচত পৰিস্থিতি নিৰীক্ষণৰ বাবে আৰক্ষীৰ টহল - সংশোধিত নাগৰিকত্ব আইন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে দিল্লীত হৈ থকা অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী আৰক্ষীয়ে বিভিন্ন পন্থা অৱলম্বন কৰিছে ৷

Anti-CAA protests
দিল্লী আৰক্ষী

By

Published : Dec 19, 2019, 9:27 AM IST

Updated : Dec 19, 2019, 11:47 AM IST

নিউজ ডেস্ক, 19 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইন, 2019ৰ বিৰোধিতাৰে দিল্লীত অব্যাহত থকা প্ৰতিবাদৰ ফলত দিল্লী আৰক্ষীয়ে ৰাজধানী চহৰখনত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সজাগ হোৱা পৰিলক্ষিত হৈছে ৷ দক্ষিণ পূৱ আৰু উত্তৰ পূব জিলাত হৈ যোৱা প্ৰতিবাদৰ পাচত দিল্লী আৰক্ষীয়ে বিভিন্ন জিলাত পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷

জানিব পৰা মতে,দিল্লীৰ বিভিন্ন জিলাত আৰক্ষী আৰু অমন কমিতিৰ সৈতে অনুষ্ঠিত হৈছে নিয়মিতভাৱে বৈঠক ৷ তদুপৰি কিছুমান স্পৰ্শকাতৰ অঞ্চলত আৰক্ষীয়ে ফ্লেগমাৰ্চো কৰে ৷ লগতে কোনো ধৰণৰ ভুৱা বাতৰিক বিশ্বাস নকৰিবলৈ আৰু ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ আৰক্ষীয়ে জনসাধাৰণক আহ্বান জনায় ৷ আৰক্ষী উপায়ুক্তই জনোৱা অনুসৰি বুধবাৰে তেওঁলোকে খ্যালা আৰক্ষী চকীৰ অন্তৰ্গত অমন কমিতি আৰু অন্যান্য লোকৰ সৈতে বৈঠক অনুষ্ঠিত কৰে ৷ ইয়াৰ পাচতে তেওঁলোকে অঞ্চলটোত ফ্লেগমাৰ্চ কৰে ৷

উল্লেখ্য যে, সংশোধিত নাগৰিকত্ব আইনখনৰ বিৰোধিতাৰে নতুন দিল্লীৰ চিলামপুৰ আৰু জাফাৰাবাদ এলেকাত হোৱা প্ৰতিবাদত আৰক্ষীয়ে মুঠ 8 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা গোচৰ ৰুজু কৰিছে ৷ ইপিনে দেওবাৰে উক্ত আইন খনৰ বিৰোধিতাৰে জামিয়া নগৰত হোৱা প্ৰতিবাদৰ ফলত বহু প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ লোক আহত হয় ৷

লগতে পঢ়ক - খিলঞ্জীয়াৰ নামতে থাকিব অসমৰ ভূমিঃ চন্দ্ৰমোহন পাটোৱাৰী

Last Updated : Dec 19, 2019, 11:47 AM IST

ABOUT THE AUTHOR

...view details