অসম

assam

ETV Bharat / bharat

কেৰালাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনঃ প্ৰায় এশজনক আটক আৰক্ষীৰ - নাগৰিকত্ব সংশোধনী আইন

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত স্তব্ধ হৈছে কেৰালাৰ স্বাভাৱিক জীৱনযাত্ৰা, ৰাজ্যখনৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে প্ৰায় 100 গৰাকী প্ৰতিবাদকাৰীক আটক কৰে ৷ কোজিকোড়েত অস্থায়ীভাৱে বাতিল কৰা হৈছে ৰাজ্যিক বাছসেৱা ৷

এশজনক আটক আৰক্ষীৰ
কেৰেলাত নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে আন্দোলন

By

Published : Dec 17, 2019, 2:11 PM IST

নিউজ ডেস্ক, 17 ডিচেম্বৰঃ কেৰালাত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ ৰাজ্যখনৰ ভিন্ন এলেকাত বন্ধ সমৰ্থকে বলপূৰ্বকভাৱে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰে ৷ বন্ধৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা স্তব্ধ হৈ পৰিছে ৷ সময়ছোৱাত মঞ্জেৰী আৰু মালাপ্পুৰমত বাছসেৱা অব্যাহত আছে ৷

ইপিনে তিৰুৰ অঞ্চলত বন্ধ সমৰ্থকে চৰকাৰী বাছকে ধৰি আন বাহনসমূহ বন্ধ কৰি ৰাখে ৷ কন্নুৰতো পথ অৱৰোধ কৰি এই আইনৰ প্ৰতিবাদ কৰে একাংশ পুৰুষ-মহিলাই ৷ আৰক্ষীয়ে 30 গৰাকী প্ৰতিবাদকাৰীক আটক কৰে ৷ তদুপৰি পালাক্কাড় এলেকাত 25 জন বন্ধ সমৰ্থকক আৰক্ষীয়ে আটক কৰে ৷

কেৰেলাত নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে আন্দোলন

কোচিৰ পেৰুম্বাভুৰতো পুৱাৰ ভাগত বন্ধ সমৰ্থকে পথ অৱৰোধ কৰে ৷ লগতে বাছত শিলগুটি নিক্ষেপ কৰি ক্ষতিসাধন কৰে একাংশই ৷ ইয়াৰ বাবে কোজিকোড়েত অস্থায়ীভাৱে বাতিল কৰা হৈছে ৰাজ্যিক বাছসেৱা ৷

ABOUT THE AUTHOR

...view details