অসম

assam

By

Published : Nov 30, 2019, 4:01 AM IST

Updated : Nov 30, 2019, 5:19 AM IST

ETV Bharat / bharat

অসুৰক্ষিত হায়দৰাবাদ: শ্বামছাবাদত আকৌ উদ্ধাৰ মহিলাৰ গলিত মৃতদেহ

হায়দৰাবাদত এগৰাকী যুৱতী পশু চিকিৎসকৰ ধৰ্ষণ-হত্যাই সমগ্ৰ দেশ তোলপাৰ লগোৱাৰ মাজতে পুনৰ উদ্ধাৰ আন এগৰাকী মহিলাৰ অগ্নিদগ্ধ মৃতদেহ ৷ আৰক্ষীৰ সন্দেহ যুৱতী পশু চিকিৎসকৰ ধৰ্ষণকাৰীৰে সম্পৰ্ক আছে এই ঘটনাৰ ৷ দেশত চৰম নিৰাপত্তাহীনতাত নাৰী ৷ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে #hangtherapists হেছটেগৰে উত্তাল ছচিয়েল মেডিয়া ৷

মহিলাৰ বাবে সুৰক্ষিত নহয় দেশ: হায়দৰাবাদত পুনৰ উদ্ধাৰ মহিলাৰ গলিত মৃতদেহ
মহিলাৰ বাবে সুৰক্ষিত নহয় দেশ: হায়দৰাবাদত পুনৰ উদ্ধাৰ মহিলাৰ গলিত মৃতদেহ

নিউজ ডেস্ক, 29 নৱেম্বৰ: দেশত এতিয়া চৰম নিৰাপত্তাহীনতাত নাৰী ৷ একাংশ পশুতুল্য মানুহৰ অত্যাচাৰত কি উত্তৰ ভাৰত, কি দক্ষিণাত্য ক'তো নাই নাৰীৰ নিৰাপত্তা ৷ দেশ কঁপাই যোৱা এগৰাকী 27 বছৰীয়া যুৱতী পশু চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ পাছত সেই ঘটনা সংঘটিত হোৱা শ্বামছাবাদত শুকুৰবাৰে পুনৰ উদ্ধাৰ হল এগৰাকী অচিনাক্ত মহিলাৰ অগ্নিদগ্ধ মৃতদেহ ৷ এই ঘটনা সংঘটিত হৈছে শ্বামছাবাদৰ ছিদ্দালগুট্টা ৰোডৰ বাঙ্গাৰো মায়ছামা মন্দিৰ অঞ্চলত ৷

আৰক্ষী আয়ুক্ত অশোক কুমাৰ গাউদে সাংবাদিকক দিয়া তথ্য অনুসৰি, ছিদ্দালগুট্টা ৰোডৰে পাৰ হয় যোৱা কেইজনমান পথচাৰীয়ে মৃতদেহটো প্ৰতক্ষ্য কৰি নিজ মবাইলৰ কেমেৰাত বন্দী কৰি আৰক্ষীক খবৰ দিয়াত এই হৃদয়বিদাৰক ঘটনাৰ কথা পোহৰলৈ আহে ৷ আৰক্ষীয়ে মহিলাগৰাকীক হত্যা কৰা পদ্ধতিলৈ লক্ষ্য ৰাখি যুৱতী পশু চিকিৎসকৰ হত্যাকাৰীয়ে এইগৰাকী মহিলাকো ধৰ্ষণ কৰি জ্বলাই দিয়াৰ সন্দেহ কৰিছে যদিও বৰ্তমানলৈকে নিশ্চিত হ'ব পৰা নাই ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাণ্ডৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷

শ্বামছাবাদত পুনৰ উদ্ধাৰ মহিলাৰ অগ্নিদগ্ধ মৃতদেহ

ইফালে, 27 বছৰীয়া যুৱতী পশু চিকিৎসকৰ ধৰ্ষণ হত্যাকাণ্ডই এতিয়া সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বৰ্তমান পশু চিকিৎসক গৰাকীৰ হত্যাকাণ্ড সংঘটিত হোৱা স্থান শ্বামছাবাদতে পুনৰ অনুৰূপ ধৰণে আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এই ধৰ্ষণ-হত্যাক অধিক জটিলতাৰ মাজলৈ ঠেলি দিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ উল্লেখযোগ্য যে, বৃহস্পতিবাৰে এজন ট্ৰাকচালক আৰু তেওঁৰ তিনিগৰাকী সংগীয়ে এটা টলপ্লাজাৰৰ ওচৰত ধৰ্ষণ কৰি নৃশংস ভাৱে জ্বলাই দিছিল হায়দৰাবাদৰ এগৰাকী যুৱতী পশু চিকিৎসকক ৷ ইয়াৰ পাছতে হায়দৰাবাদ আৰক্ষীয়ে চি চি টিভি ফুটেজৰ ভিত্তিত অভিযান চলাই মহম্মদ পাছা আৰু মাহাবুবৰ লগতে আৰু দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল ৷

পশু চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা দুজন অপৰাধী

এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তোলপাৰ লাগিছে সমগ্ৰ হায়দৰাবাদ চহৰত ৷ তেলেংগানাৰ পৌৰসভা মন্ত্ৰীৰ লগতে কিছুসময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী কে.চি.আৰৰ পুত্ৰ কেটি আৰেও টুইটাৰযোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ স্বয়ং এই ঘটনাৰ তত্বাৱধান কৰিব উল্লেখ কৰিছে ৷ একেদৰে বলিউদৰ অভিনেতা অক্ষয় কুমাৰেও এই ধৰ্ষণ-হত্যাৰে জড়িত সকলক অতি শীঘ্ৰে শাস্তি দিয়াৰ দাবী জনাইছে ৷

যুৱতী পশু চিকিৎসকৰ ধৰ্ষণ-হত্যাক লৈ অভিনেতা অক্ষয়ৰ টুইট

এতিয়া প্ৰশ্ন হয়, সততে মহিলাৰ বাবে দেশ আগতকৈ সুৰক্ষিত বুলি দাবী কৰা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ দিনটো কিয় নাৰীৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ হোৱাৰ সলনি সঘনাই বৃদ্ধি পাইছে ? এই ঘটনাই তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাওৰ চৰকাৰৰ নাৰীক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সামগ্ৰিক ব্যৰ্থতাক সূচাইচে নেকি? মন কৰিবলগীয়া যে, দেশ কঁপাই যোৱা নিৰ্ভয়াৰ ধৰ্ষণকাৰীৰ ফাঁচীৰ ৰায়ৰ 2 বছৰ উকলি যোৱাৰ পাছতো এতিয়ালৈকে ফাঁচী কাঠত ওলমাব নোৱাৰা দেশৰ আইন ব্যৱস্থাৰ পৰা কি আশা কৰিব দুৰ্ভগীয়া পশু চিকিৎসক যুৱতীগৰাকীৰ আত্মীয়ই৷ নতুনকৈ আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত এতিয়া সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ, কি নতুন মোৰ লব এই ধৰ্ষণ-হত্যাকাণ্ডই ৷

ধৰ্ষণৰ বলি হোৱা যুৱতীৰ পৰিয়ালক সমবেদনা ৰাহুল গান্ধীৰ

আৰু পঢ়ক: হায়দৰাবাদত ধৰ্ষণ কৰি জ্বলাই দিয়া হ'ল মহিলা পশু চিকিৎসককঃ আৰক্ষীৰ জালত চাৰি হত্যাকাৰী

Last Updated : Nov 30, 2019, 5:19 AM IST

ABOUT THE AUTHOR

...view details