নিউজ ডেস্ক, ১০ জুলাইঃশুকুৰবাৰে ভাৰত-চীনৰ সীমান্ত সন্দৰ্ভত পৰামৰ্শ আৰু সমন্বয় (WMCC)ৰ বাবে অনুষ্ঠিত হ'ব বৈঠক । ভাৰতীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰত আৰু চীনৰ সৈনিকৰ মাজত নিষ্ক্ৰিয়কৰণ প্ৰতিক্ৰিয়া পেট্ৰ'লিং পইণ্ট ১৫ত সমাপ্ত হয়, তথা চীনৰ সৈন্যৰ দল প্ৰায় ২ কিলোমিটাৰ পিছুৱাই যায় বুলি জানিবলৈ দিয়ে । চীন আৰু ভাৰত দুয়োখন দেশৰ মাজত পুনৰ শান্তি তথা দুয়োখন দেশৰ মাজত পৰিস্থিতি অধিক অৱনতি হোৱাৰ পূৰ্বেই নিয়ন্ত্ৰণ ৰেখাৰ পৰা চীনৰ সৈন্য দল ২ কিলোমিটাৰলৈ পিছুৱাই যায় ।
ভাৰত-চীন সীমা সন্দৰ্ভত বৈঠক - ভাৰত-চীন
ভাৰত-চীনৰ মাজৰ সীমা সন্দৰ্ভত শুকুৰবাৰে WMCCৰ মাজত অনুষ্ঠিত হ'ব বৈঠক । দুয়োখন দেশৰ মাজত পুনৰ শান্তি প্ৰতিষ্ঠা কৰাৰ বাবেই অনুষ্ঠিত কৰা হ'ব এই বৈঠক ।
ভাৰত-চীন
আনহাতে, সীমা বিষয় সন্দৰ্ভত ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজিত দোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাংগ য়িয়ে ফোনযোগে "frank and in-depth exchange"ৰ সন্দৰ্ভত বাৰ্তালাপ কৰে ।
লগতে পঢ়কঃনেপালত কেবল অপাৰেটৰ সকলে বন্ধ কৰি দিলে ভাৰতীয় নিউজ চেনেল