নেশ্যনেল ডেস্ক, ১১ জানুৱাৰী: দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীৰ পৰা নিতৌ আহিছে এটাৰ পিছত আনটো দুখৰ খবৰ । ইজনৰ পিছত সিজন কৃষকৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে দেশবাসীক । পুনৰ আন এক শোকাৱহ ঘটনাই প্ৰতিবাদী কৃষকৰ মাজত শোকৰ ছাঁ পেলাইছে । কৃষকৰ সমস্য়াৰ সমাধান নোহোৱাত হতাশ হৈ দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি আহি আত্মহননৰ পথ বাচি ল'লে পঞ্জাৱৰ বৰনালাৰ এগৰাকী কৃষকে ।
নিৰ্মল সিং নামৰ কৃষকগৰাকী ভাৰতীয় কৃষক ইউনিয়নৰ সক্ৰিয় সদস্য আছিল । পঞ্জাৱ-দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীৰ পৰা ১৬ দিনৰ পিছত তেওঁ ঘৰলৈ উভতিছিল । নিৰ্মল সিং পঞ্জাৱৰ বৰনালাৰ ধৌলা গাঁৱৰ বাসিন্দা । মৃত কৃষকগৰাকীৰ নামত বেংকত ৫ লাখ টকাৰ ধাৰ আছে ।