নিউজ ডেস্ক,18 আগষ্টঃকানপুৰ এম্বুছ ঘটনাৰ সৈতে জড়িত আন এক অপৰাধীয়ে সোমবাৰে আদালতত আত্মসৰ্মপন কৰে ৷ কানপুৰ এনকাউন্টাৰত মৃত্যু হোৱা গেংষ্টাৰ বিকাশ ডুৱে আৰু সহযোগীৰ এম্বুছৰ ফলত আঠ গৰাকী আৰক্ষীৰ মৃত্যু হৈছিল ৷ আৰক্ষী অধীক্ষক বিজেশ শ্ৰীবাস্তৱ জানিবলৈ দিয়ে যে, উক্ত ঘটনাৰ লগত জড়িত গোৱিন্দ চানিয়ে আদালতত আত্মসৰ্মপন কৰে ৷ উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফৰ্চ আৰু আৰক্ষীৰ নজৰ ৰাখিছিল গোৱিন্দ চানিৰ ওপৰত ৷ 2 জুলাইৰ নিশা কানপুৰৰ বিক্ৰু গাঁৱত সংঘটিত হোৱা হত্যাকাণ্ডৰ সৈতে জড়িত আছিল চানি ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, কানপুৰ এছএছপিয়ে গোৱিন্দৰ বিষয়ে অৱগত কৰাৰ বাবদ 25 হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ৷
কানপুৰ এনকাউন্টাৰৰ সৈতে জড়িত আন এক অপৰাধীৰ আত্মসমৰ্পন - আন এজন সদস্যৰ আদালতত আত্মসৰ্মপন
উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফৰ্চ আৰু আৰক্ষীৰ নজৰ আছিল গোৱিন্দ চানিৰ ওপৰত ৷ 2 জুলাইৰ নিশা কানপুৰৰ বিক্ৰু গাঁৱত সংঘটিত হোৱা হত্যাকাণ্ডৰ সৈতে জড়িত আছিল চানি ৷
![কানপুৰ এনকাউন্টাৰৰ সৈতে জড়িত আন এক অপৰাধীৰ আত্মসমৰ্পন Another accused of Kanpur ambush surrenders before court](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8459255-321-8459255-1597725563909.jpg)
ইপিনে ইয়াৰ পূৰ্ৰ্ৱেবে দয়া শংকৰ অগ্নিহোত্ৰী, শ্মায়মু বাজপেয়, যহান যাদৱ, শশিকান্ত, মনো আৰু শিৱম ডুৱেৰ লগতে বিকাশ ডুৱেৰ বহু সহযোগীক এছটিএফ আৰু কানপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আনহাতে গোৱিন্দ চানিৰ ভায়েক গোপাল চানিয়ে 20 দিন পূৰ্বে কানপুৰ দেহাতৰ বিশেষ আদালতত আত্মসৰ্মপন কৰে ৷ এতিয়াও ছতো শোকলা , শিৱ ত্ৰিৱাৰী, বিষ্মু পাল যাদব, ৰামু বাজপে , হিৰু ডুৱে আৰু বাল গোৱিন্দ পলাতক ৷ 3 জুলাই পৰ্যন্ত 6 জন ঘটনাৰ লগত জৰিত মুখ্য আৰোপী বিকাশ ডুৱে , প্ৰভাত মিশ্ৰা, অমৰ ডুৱে, বুআন ডুৱে, প্ৰেম কুমাৰ পাণ্ডে আৰু অতুল ডুৱেক বিভিন্ন ঠাইত সংঘৰ্ষত লিপ্ত হোৱাত আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হয় ৷
লগতে পঢ়কঃভাৰতৰ বিৰুদ্ধে তিব্বত সীমান্তত চীনে টোৱাইছে বৃহৎ বৃহৎ আৰ্টিলাৰী গান