নিউজ ডেস্ক, 22 অক্টোবৰ:বদনামী হৈ গৈছিল ৷ সকলোৱে কৈছিল মাতাল আৰু জুৱাৰীৰ গাঁও বুলি ৷ এগৰাকী লোকে কিন্তু সলনি কৰি দিলে সকলো ৷ উত্তৰ কেৰালাৰ "মাতাল গাঁও" মাৰোত্তিচাল ক্ৰমে বিখ্যাত হৈ পৰিল "দবা গাঁও" হিচাপে ৷ এতিয়া ঘৰে ঘৰে দবা খেলা হয় সেই গাঁৱত ৷ ক্লাৱ, দোকান সকলোতে খেলা হয় দবা ৷ যিগৰাকী লোকে সকলোবোৰ সলনি কৰি দিলে তেওঁৰ নাম হ'ল আন্নিকৃষ্ণণ ৷
কম বয়সৰ পৰাই দবাৰ ভক্ত আছিল আন্নিকৃষ্ণণ ৷ গাঁওবাসীকো দবা খেলৰ প্ৰতি ধাৰণা প্ৰদান কৰিছিল আন্নিকৃষ্ণণে ৷ যদিও আৰম্ভণিতে কোনো লোকে তেওঁৰ কথাত খুব এটা গুৰুত্ব দিয়া নাছিল, পিচলৈ ক্ৰমান্বয়ে বহু লোকে আগ্ৰহ প্ৰকাশ কৰে ৷ তাৰ পাচত সমগ্ৰ গাঁওবাসীয়েই সেই খেলৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ আন্নিকৃষ্ণণে তেওঁৰ গাঁওখনৰ প্ৰায় 700 গৰাকী লোকক দবা খেলৰ প্ৰশিক্ষণ দিয়ে ৷ তাৰ পাচতেই যেন ঘটে আশ্চৰ্যকৰ ঘটনা ৷