নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ: দেশৰ ৰাজধানী দিল্লী কঁপাই তোলা প্ৰতিবাদী কৃষকক সমৰ্থন জনায় সমাজ কৰ্মী তথা গান্ধীবাদী নেতা আন্না হাজাৰে । বিগত চাৰি বছৰৰ পৰা সমাজৰ হিতৰ বাবে অন্দোলন কৰা নেতাগৰাকীয়ে এইবাৰো প্ৰতিবাদী কৃষকৰ সমৰ্থনত সাব্যস্ত কৰিব প্ৰতিবাদ । যোৱা ২৬ নৱেম্বৰৰ পৰাই কৃষকসকলে সিন্ধু সীমান্ত,দিল্লী-হাৰিয়ানা সীমান্ত,দিল্লী-উত্তৰ প্ৰদেশ সীমান্ত টিকৰী সীমান্তত প্ৰতিবাদ সাৱ্যস্ত কৰি থকাৰ আজি ২৮ দিন পাৰ হ'ল । তাৰ পাচতো প্ৰধানমন্ত্ৰী, কৃষিমন্ত্ৰীয়ে কৃষকসকলক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম নহ'ল । যাৰবাবে দিল্লীৰ ৰামলীলা মৈদানত প্ৰতিবাদী কৃষকৰ সৈতে বহি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিব আন্না হাজাৰে ।
ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত নেতাগৰাকীয়ে কয় যে ৰামলীলা মৈদানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পূৰ্বেই দিল্লী চৰকাৰ আৰু দিল্লী প্ৰশাসনৰ অনুমতি বিচাৰি এক পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰৰ উত্তৰ পোৱা মাত্ৰকে প্ৰতিবাদ কৰিবলৈ সাজু আছে হাজাৰে । লগতে কয় যে কেন্দ্ৰীয় কৃষি আইনখনক সাংবিধানিক স্বীকৃতি প্ৰদান কৰাটো অতিকৈ আৱশ্যক আৰু নিৰ্বাচনী আয়োগৰ অধীনত স্বায়ত্ত সংস্থা গঠন কৰিলে কৃষকসকলৰ কিছু সমস্যা লাঘৱ হ'ব । উৎপাদিত সামগ্ৰী এম এচ পি সম্পৰ্কতো তেওঁ কয় যে আলু, পিয়াজ, বিলাহী আৰু গাখীৰৰ ক্ষেত্ৰত এম এচ পি নিৰ্ধাৰণ কৰিব লাগে যাতে এইসমূহ সামগ্ৰী কৃষকে ৰাজপথত পেলাবলগীয়া অৱস্থা নহয় ।
উল্লেখনীয় যে মংগলবাৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে সংশোধিত নতুনকৈ কৃষি আইন সন্দৰ্ভত তেওঁলোকৰ সমস্যাসমূহৰ সমাধানৰ বাবে পুনৰবাৰ নতুনকৈ আলোচনাত মিলিত হ'বলৈ এখন নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছিল । ৩ ডিচেম্বৰত কৃষক সংঘ আৰু চৰকাৰৰে হোৱা সাতঘন্টীয়া মাৰাথান বৈঠকৰ অন্ততো উচিত সিদ্ধান্ত গ্ৰহণ নকৰিলে চৰকাৰে । ৫ ডিচেম্বৰত কৃষক সংঘৰ একাংশ নেতাই অমিত শ্বাহৰে পৰৱৰ্তী বৈঠকত মিলিত হৈছিল ।