অসম

assam

ETV Bharat / bharat

কৃষকৰ সৰ্মথনত অনশনত বঢ়িব আন্না হাজাৰে ! - কৃষি আইন 2020ক

83 বছৰীয়া দুৰ্নীতি আৰু ভষ্টাচাৰৰ বিৰুদ্ধে যুদ্ধ কৰি অহা প্ৰৱীণ গান্ধীবাদী নেতা আন্না হাজাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ প্ৰৱীণ গান্ধীবাদী নেতাগৰাকীয়ে বিগত ডিচেম্বৰ মাহতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তমাৰলৈ এখন প্ৰত্ৰ প্ৰেৰণ কৰি উল্লেখ কৰিছিল যে, তেঁওলোকৰ যি সমূহ প্ৰস্তাৱ চৰকাৰক গ্ৰহণ কৰিবলৈ দাবী জনাইছে, সেই সমূহ কাৰ্যকৰী নকৰিলে তেখেতে অনশনত বহিব বুলি জনাইছিল ৷

কেন্দ্ৰীয় চৰকাৰক শেষ সকিয়নীঃ কৃষকৰ সৰ্মথন অনশত নামিব প্ৰৱীণ সমাজকৰ্মী আন্না হাজাৰে
কেন্দ্ৰীয় চৰকাৰক শেষ সকিয়নীঃ কৃষকৰ সৰ্মথন অনশত নামিব প্ৰৱীণ সমাজকৰ্মী আন্না হাজাৰে

By

Published : Jan 3, 2021, 10:03 PM IST

নিউজ ডেস্ক,3 জানুৱাৰীঃ জেষ্ঠ্য সমাজ কৰ্মী তথা গান্ধীবাদী নেতা আন্না হাজাৰে দেওবাৰে কেন্দ্ৰীয় চৰকাৰক সকিয়নী প্ৰদান কৰি কয় যে, যদিহে কেন্দ্ৰ চৰকাৰে চলিত মাহৰ ভিতৰত কৃষক সকল সমস্যা সামাধান কৰাত ব্যথ হয়, তেন্তে তেওঁ কৃষক সকলৰ আন্দোলনত চামিল হৈ আমৰণ অনশনত বহিব ৷

উল্লেখযোগ্য যে, কৃষি আইন 2020ক লৈ ইতিপূৰ্বেই সৰৱ ভূমিকা পালন কৰিছে আন্না হাজাৰে ৷ এইবাৰ কৃষকৰ আন্দোলনক মুকলিকৈ সমৰ্থন আগবঢ়াইছে হাজাৰে ৷ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সমৰ্থনত নাহিলে অনশনৰ ভাবুকি প্ৰদান কৰিছিল আন্না হাজাৰে ৷ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰালেগাঁৱত এখন সভাত অংশগ্ৰহণ কৰি কৃষকৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন কৃষক আন্দোলনত চামিল হোৱাৰ কথা প্ৰকাশ কৰে সমাজসেৱীগৰাকীয়ে ৷

83 বছৰীয়া দুৰ্নীতি আৰু ভষ্টাচাৰৰ বিৰুদ্ধে যুদ্ধ কৰি অহা প্ৰৱীণ নেতা আন্না হাজাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ আন্না হাজাৰে বিগত ডিচেম্বৰ মাহতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তমাৰলৈ এখন প্ৰত্ৰ প্ৰেৰণ কৰি উল্লেখ কৰিছিল যে, তেঁওলোকৰ যি সমূহ প্ৰস্তাব চৰকাৰক গ্ৰহণ কৰিবলৈ দাবী জনাইছে, সেই সমূহ কাৰ্যকৰী নকৰিলে অনশনত বহিব বুলি জনাইছিল গান্ধীবাদী নেতাগৰাকীয়ে ৷

ইয়াৰ লগতে এম এছ স্বামীনাথন কমিটীৰ প্ৰতিবেদন বাস্তৱায়িত কৰাৰ বাবেও পত্ৰখনত উল্লেখ কৰিছিল তেওঁ ৷ কৃষিমন্ত্ৰীলৈ লিখা এই পত্ৰ প্ৰেৰণৰ পিচতেই মহাৰাষ্ট্ৰৰ বৰ্ষীয়ান বিজেপি নেতা তথা মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হৰিভাউ বাগদেয়ে সাক্ষাৎ কৰিছিল আন্না হাজাৰেক ৷ এই সাক্ষাতৰ সময়তে প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে হাজাৰেক তিনিওখন কৃষি আইন সন্দৰ্ভত বিস্তৃত বাখ্যাও আগবঢ়াইছিল ৷

উল্লেখযোগ্য যে, বিগত প্ৰায় এমাহ জুৰি কৃষক সকলে দিল্লীৰ সীমান্তত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইন কেইখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

লগতে পঢ়কঃ মন্ত্ৰী যোগেন মহনৰ ঘনিষ্ঠ বিজেপি নেতা বিপুল ফুকনৰ জাতীয় পৰিষদত যোগদান

ABOUT THE AUTHOR

...view details