নেশ্যনেলডেস্ক,28 ডিচেম্বৰ: সমাজ কৰ্মী আন্না হাজাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইনৰ বিৰোধীতা কৰি পুনৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনশনত বহাৰ হুংকাৰ প্ৰদান কৰিছে ৷ দেওবাৰে মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ সিদ্ধি গাঁৱত উপস্থিত হৈ আন্না হাজাৰে কয় যে, তিনি বছৰ আগৰ পৰা প্ৰতিবাদ কৰি অহা কৃষক সকলৰ বাবে চৰকাৰ খনে একো কামেই নকৰিলে ৷ চৰকাৰে কেৱল প্ৰতিশ্ৰুতি দি আছে গতিকে মই কেন্দ্ৰীয় চৰকাৰক এমাহৰ সময় দিলো, এইখিনি সময়ৰ ভিতৰত যদি কৃষি আইন বাতিল নকৰে তেন্তে মই পুনৰ অনশনত বহিম আৰু এইটোৱে মোৰ জীৱনৰ শেষৰটো অনশন হ'ব ৷
83 বছৰীয়া সমাজ কৰ্মী আন্না হাজাৰে 14 ডিচেম্বৰত এম এছ স্বামী নাথন সমিতিৰ পৰামৰ্শ ৰূপায়ণ আৰু কৃষি ব্যয় আৰু মূল্য আয়োগৰ দাবী সমূহ গ্ৰহণ নকৰিলে অনশন কাৰ্যসূচী ৰূপায়ন কৰাৰ বিষয়ে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰলৈ এখন পত্ৰ লিখাৰ পাচতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰ বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ হৰিভাউ বাগাদে শেহতীয়াকৈ কেন্দ্ৰই প্ৰৱৰ্তন কৰা তিনিখন কৃষি আইনৰ বিৱৰণ ব্যাখ্যা কৰিবলৈ হাজাৰৰ সৈতে এখন বৈঠকত মিলিত হয় ৷