গান্ধীবাদী নেতা আন্না হাজাৰে সাব্যস্ত কৰিলে ভোটদান - LOKSABHA ELECTION
গান্ধীবাদী নেতা তথা সমাজকৰ্মী আন্না হাজাৰে আজি মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ ৰালেগান সিদ্ধিৰ পৰা সাব্যস্ত কৰিলে নিজৰ গণতান্ত্ৰিক অধিকাৰ
গান্ধীবাদী নেতা আন্না হাজাৰে সাব্যস্ত কৰিলে ভোটদান
নিউজ ডেস্ক, 23 এপ্ৰিলঃ সমগ্ৰ দেশতেই অনুষ্ঠিত হৈ আছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সাধাৰণ জনতাৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিলে দেশৰ আগশাৰীৰ ব্যক্তিসকলে ৷ বিশিষ্ট গান্ধীবাদী নেতা তথা সমাজকৰ্মী আন্না হাজাৰে আজি মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ ৰালেগান সিদ্ধিৰ পৰা সাব্যস্ত কৰিলে নিজৰ গণতান্ত্ৰিক অধিকাৰ ৷ ভোটদান সাব্যস্ত কৰি সকলোকেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় গান্ধীবাদী নেতাগৰাকীয়ে ৷