অসম

assam

ETV Bharat / bharat

আজৱ: এই হ্ৰদত সকলো প্ৰাণী পৰিণত হয় শিললৈ

প্ৰাণী শিললৈ পৰিণত হোৱা এটা হ্ৰদ ৷ হ্ৰদৰ পানীত শিল হৈ পৰি ৰৈছে হাঁহ, চিলনী, বাদুলী আদিৰ দৰে বহু প্ৰাণী ৷ কিন্তু কিয় এই হ্ৰদত কোনো প্ৰাণী পৰিণত হয় শিললৈ ? এনে কি বিশেষ ৰহস্য আছে এই হ্ৰদত ?

By

Published : Jul 31, 2020, 2:07 PM IST

নেট্ৰ'ন হ্ৰদ
নেট্ৰ'ন হ্ৰদ

নেশ্যনেল ডেস্ক, 31 জুলাই: এই হ্ৰদৰ পানীত শিল হৈ পৰে বহু প্ৰাণী ৷ হ্ৰদৰ পানীত শিল হৈ পৰি ৰৈছে হাঁহ ৷ কেৱৰ হ্ৰদটোৰ পানীতেই নহয়, হ্ৰদৰ আশে-পাশে থকা স্থানত যিবোৰ পক্ষী থাকে সেইবোৰো ৰূপান্তৰিত হৈছে শিললৈ ৷ চিলনী, বাদুলী সকলো শিল হৈ পৰি ৰৈছে তাত ৷ আপুনি হয়তো ভাবিছে এনেকুৱাও হয় জানো ?

তানাজানিয়াৰ উত্তৰ প্ৰান্তত অৱস্থিত নেট্ৰ'ন হ্ৰদ ৷ এই হ্ৰদৰ পানী ইমানেই খাৰুৱা যে সেই স্থানত কোনো প্ৰাণীয়েই বাছি থাকিব নোৱাৰে ৷ সেইটো আচলতে এটা অত্যাধিক লৱণযুক্ত হ্ৰদ ৷ সেই হ্ৰদত পানী প্ৰৱেশ কৰে ঠিকেই, কিন্তু পানী ওলাই যাবলৈ হ্ৰদটোত নাই কোনো পথ ৷ সূৰ্যৰ তাপত পানী বাষ্পীভূত হোৱাটোৱেই একমাত্ৰ উপায় ৷ দীৰ্ঘদিন ধৰি এনেদৰে পানী বাষ্পীভূত হৈ হৈ হ্ৰদৰ পানী ভৰি পৰে অত্যাধিক লোণ আৰু অন্যান্য খনিজ পদাৰ্থৰে ৷

ইয়াৰোপৰি এই হ্ৰদৰ পানীত অধিক পৰিমাণত নেট্ৰ'ন নামৰ এক প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ নিহিত আছে ৷ এই নেট্ৰ'ন ছ'ডিয়াম কাৰ্বনেট আৰু বেকিং ছ'ডাৰ সংমিশ্ৰণ ৷ ইয়াৰ বাবেই অত্যাধিক হাৰত বৃদ্ধি পাইছে হ্ৰদটোৰ পানীৰ ক্ষাৰকীয়তা ৷

হ্ৰদটোৰ পানীৰ তাপমাত্ৰা কোনো কোনো সময়ত 180 ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত বৃদ্ধি পায় ৷ কিছুমান বিশেষ প্ৰাণীহে জীয়াই থাকিব পাৰে এই পানীত ৷ এই প্ৰাণীসমূহ ভিতৰত আছে বৃহৎ আকাৰৰ মুখযুক্ত নেট্ৰ'ন টিলাপিয়া, কিছুমান শেলুৱৈ আৰু এক প্ৰজাতিৰ ফ্লেমিংগো ৷

উল্লেখ্য যে, সেই হ্ৰদৰ পৰা মাত্ৰ 20 কিলোমিটাৰ নিলগতে আছে এটা আগ্নেয়গিৰি ৷ তাৰ পৰাই উৎপন্ন হয় ছ'ডিয়াম কাৰ্বনেট আৰু কেলছিয়াম কাৰ্বনেট ৷ তাৰ পৰাই হ্ৰদত থকা পানীৰ সৈতে সংমিশ্ৰণ ঘটে এই উপাদান সমূহৰ ৷

লগতে পঢ়ক:আজৱ: এই গাঁৱৰ এটাও ঘৰত নাই দুৱাৰ

ABOUT THE AUTHOR

...view details