নতুন দিল্লী, 16 নৱেম্বৰ: শনিবাৰে পদত্যাগ ৰিলায়েন্স কমিউনিকেচনৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিলে কোম্পানীটোৰ মুৰব্বী অনিল আম্বানীয়ে ৷ ৰিলায়েন্স কমিউনিকেচন বেংকৰ ধাৰত পোত যোৱাৰ নৈতিক দায়িত্ব গ্ৰহণ কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিলে অনিল আম্বানীয়ে ৷ তেওঁৰ লগতে কোম্পানীটোৰ পৰা পদত্যাগ কৰিলে আৰ কমৰ আন চাৰিজন সঞ্চালকে ৷ এই পদত্যাগ কৰা বিষয়া কেইগৰাকী হল ক্ৰমে চায়া ভিৰাণী, ৰায়না কাৰাণী, মনজাৰী কেক্কৰ, আৰু সুৰেশ ৰাংঙ্গাচাৰে ৷
ৰিলায়েন্স কমিউনিকেচনৰ সঞ্চালক পদৰ পৰা অনিল আম্বানীৰ পদত্যাগ - business news
বহু কোটি টকাৰ ধাৰত পোত যোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিলে ৰিলায়েন্স কমিউনিকেচন মুৰব্বীজনে ৷ তেওঁৰ লগতে আন চাৰিজন উচ্চপদস্থ বিষয়াৰো পদত্যাগ ৷
ৰিলায়েন্স কমিউনিকেচনৰ সঞ্চালক পদৰ পৰা অনিল আম্বানীৰ পদত্যাগ
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ধাৰত ডুব যোৱা কোম্পানীটোৰ পৰা পদত্যাগ কৰিছিল আৰ কমৰ মুখ্য বিত্তীয় বিষয়া মনিকান্টন ভিয়ে ৷ আনহাতে দেশৰ উচ্চতম ন্যায়ালয়ে ৰিলায়েন্স কমিউনিকেচনক কোম্পানীটোৰ জুলাই-ছেপ্তেম্বৰ মাহৰ 30,142 কোটি টকা আদায় দিবলৈ আদেশ দিছিল যাৰ ফলত বিপদত পৰিছিল দেশৰ এসময়ৰ আগশাৰীৰৰ টেলিকম কোম্পানীটো ৷