অসম

assam

ETV Bharat / bharat

আৰক্ষী চকীৰ ভিতৰত সুৰাপান কৰি নিলম্বিত হ'ল তিনিগৰাকী আৰক্ষী কনিষ্টবল - অবৈধ সুৰা জব্দ

অন্ধ্ৰপ্ৰদেশত তিনিগৰাকী আৰক্ষী কনিষ্টবলক নিলম্বন। আৰক্ষী চকীৰ ভিতৰত সুৰাপান কৰি নিলম্বিত হ'ল তিনিগৰাকী। এই ঘটনাৰ পাছতেই নিলম্বিত হোৱা তিনিওগৰাকী কনিষ্টবল ক্ৰমে তিৰুমলেশ, গোপাল আৰু নুৰ আহমেদক 'ভেকেঞ্চি ৰিজাৰ্ভ'লৈ পঠিওৱা হয়।

আৰক্ষী চকীৰ ভিতৰত সুৰাপান কৰি নিলম্বিত হ'ল তিনিগৰাকী আৰক্ষী কনিষ্টবল
আৰক্ষী চকীৰ ভিতৰত সুৰাপান কৰি নিলম্বিত হ'ল তিনিগৰাকী আৰক্ষী কনিষ্টবল

By

Published : Jul 7, 2020, 12:10 AM IST

নিউজ ডেস্ক, ৬ জুলাইঃ অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰম জিলাত এখন আৰক্ষী চকীৰ ভিতৰত সুৰাপান কৰি নিলম্বিত হ'ল তিনিগৰাকী আৰক্ষী কনিষ্টবল। আৰক্ষী চকীৰ ভিতৰত সুৰাপান কৰি থকা এটা ভিডিঅ'পোহৰলৈ অহাৰ পাছতে সোমবাৰে নিলম্বন কৰা হয় তিনিওগৰাকী আৰক্ষী কনিষ্টবলক।

বালি, মদ আৰু আন আন নিচাজাতীয় পদাৰ্থৰ অবৈধ পৰিবহন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুদিন পূৰ্বে অন্ধ্ৰপ্ৰদেশ চৰকাৰে 'Special Enforcement bureau' গঠন কৰিছিল। চৰকাৰে গঠন কৰা এই বাহিনীয়ে সীমান্তৱৰ্তী অঞ্চলসমূহত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিছিল। জব্দকৃত সুৰাসমূহৰ কেইবাটাও বটল আৰক্ষী চকীত ৰখা হৈছিল বুলি জানিব পৰা গৈছে।

ইফালে, নিলম্বিত হোৱা আৰক্ষী কনিষ্টবল তিনিগৰাকীক সোধ-পোচৰ অন্তত তিনিওগৰাকীয়ে আৰক্ষী চকীৰ বিশ্ৰাম কক্ষত ৰখা সুৰাখিনিৰ পৰা লৈ গৈ পান কৰা বুলি উল্লেখ কৰে। কিন্তু বৰ্তমানলৈকে কেতিয়া এই ঘটনা সংঘটিত হৈছিল এই সন্দৰ্ভত জানিব পৰা হোৱা নাই বুলি হিন্দুপুৰ চহৰ আৰক্ষী চকীৰ মনচুৰুদ্দিন নামৰ এগৰাকী বিষয়াই উল্লেখ কৰে।

আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি নিলম্বিত হোৱা তিনিওগৰাকী কনিষ্টবল ক্ৰমে তিৰুমলেশ, গোপাল আৰু নুৰ আহমেদ। আৰক্ষী মহাপৰিদৰ্শকৰ নিৰ্দেশ মৰ্মে সম্প্ৰতি তিনিওগৰাকীয়ে 'ভেকেঞ্চি ৰিজাৰ্ভ' (Vacancy Reserve)লৈ পঠিওৱা হৈছে। সম্প্ৰতি এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষী বিষয়া মনচুৰুদ্দিনে জানিবলৈ দিয়ে।

For All Latest Updates

ABOUT THE AUTHOR

...view details