নিউজ ডেস্ক, 30 জানুৱাৰী:শুকুৰবাৰে অন্ধ প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত নিমমাগাদ্দা ৰমেশ কুমাৰে অনন্তপুৰম জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ গাঁও পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ ব্যৱস্থা আৰু প্ৰস্তুতিৰ বুজ লয় ৷ উল্লেখযোগ্য যে,গাঁও পঞ্চায়তৰ প্ৰথম পৰ্যায়ৰ নিবাচনৰ মনোনয়ন প্ৰত্ৰ দাখিল আৰম্ভ হোৱাৰ লগে লগে এছইচি নিমমাগাদ্দা ৰমেশ কুমাৰে অনন্তপুৰম জিলা ভ্ৰমণ কৰে ৷
অন্ধ প্ৰদেশত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণ - অন্ধ প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত
শুকুৰবাৰে অন্ধ প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত নিমমাগাদ্দা ৰমেশ কুমাৰে অনন্তপুৰম জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ গাঁও পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ ব্যৱস্থা আৰু প্ৰস্তুতিৰ বুজ লয় ৷

অন্ধ প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গাঁও পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণ
ইপিনে ৰমেশ কুমাৰ জিলাখনৰ ভ্ৰমণৰ সময়ত উপস্থিত থাকে অনন্তপুৰম জিলা উপায়ুক্ত গাণ্ডম চান্দৰুদু,ডিআইজি কান্তি ৰাণা টাটা,আৰক্ষী অধীক্ষক সত্য য়েচু বাবু,যুটীয়া সংগ্ৰাহক নিশান্ত কুমাৰ আৰু অন্যান্য আৰক্ষী আৰু ৰাজহ বিষয়াসকল ৷ ৰাজ্যখনত গাঁও পঞ্চায়তৰ নিৰ্বাচন ৯ ফেব্ৰুৱাৰীৰ পৰা চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। ইপিনে চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিৰ্বাচনী বিষয়াই সদৰি কৰে ।
লগতে পঢ়কঃ আগৰতলাত কংগ্ৰেছৰ "হুংকাৰ ৰেলী"; বিজেপিক সমালোচনা সুস্মিতাৰ
Last Updated : Jan 30, 2021, 10:02 AM IST