অসম

assam

ETV Bharat / bharat

বিশাখাপট্টনমত সম্পত্তিৰ বাবে পিতৃয়ে হত্য়া কৰিলে পুত্ৰক - হাতুৰিৰে মৰিয়াই পিতৃয়ে হত্যা কৰিলে পুত্ৰক

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত পিতৃয়ে হত্যা কৰিলে পুত্ৰক ৷ সম্পত্তি বিবাদৰ বাবেই 40 বছৰীয়া পুত্ৰক হাতুৰিৰে মৰিয়াই হত্যা কৰিলে পিতৃয়ে ৷ পুত্ৰক হত্যা কৰিয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন পিতৃৰ ৷ চিচিটিভিত বন্দী সমগ্ৰ ঘটনা ৷

বিশাখাপট্টনম
বিশাখাপট্টনমত সম্পত্তিৰ বাবে পিতৃয়ে হত্য়া কৰিলে পুত্ৰক

By

Published : Aug 14, 2020, 1:27 PM IST

নিউজ ডেস্ক, 14 আগষ্টঃঅন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত লোকহৰ্ষক হত্যাকাণ্ড ৷ হাতুৰিৰে মৰিয়াই পিতৃয়ে হত্যা কৰিলে পুত্ৰক ৷ সম্পত্তি বিবাদৰ বাবেই বিগত 12 আগষ্ট বুধবাৰে 40 বছৰীয়া পুত্ৰক হাতুৰিৰে মৰিয়াই হত্যা কৰে পিতৃয়ে ৷ আনহাতে, এই সমগ্ৰ ঘটনা বন্দী হয় চিচিটিভি কেমেৰাত ৷

বিশাখাপট্টনমত সম্পত্তিৰ বাবে পিতৃয়ে হত্য়া কৰিলে পুত্ৰক

বিশাখাপট্টনমৰ নগৰৰ পেনডুৰথি আৰক্ষী থানাৰ অন্তৰ্গত চিনমুছদীৱাড়াৰ অঞ্চলৰ সত্যনগৰত সংঘটিত হৈছে এই হত্যাকাণ্ড ৷ তাৰোপৰি বিশাখাপট্টনম পশ্চিম আৰক্ষীৰ তথ্য অনুসৰি, হত্যাকাৰী পিতৃক ৱিৰাৰাজু বুলি চিনাক্ত কৰাৰ উপৰিও নিহত পুত্ৰ জালাৰাজু বুলি জানিবলৈ দিয়ে ৷ কৰ্মসূত্ৰ মুম্বাইত থকা পুত্ৰ জালাৰাজু কেই সপ্তাহ মানৰ বাবে নিজ বাসগৃহলৈ অহা সময়তে সম্পত্তিকলৈ পিতা-পুত্ৰৰ মাজত হোৱা বিবাদৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ আনহাতে, পুত্ৰক হত্যা কৰিয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে হত্যাকাৰী পিতৃ ৱিৰাৰাজুয়ে ৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে আইপিচি 302 ধাৰা অধীনত গোচৰ ৰুজু কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

আৰু পঢ়কঃৰাঁচীত চীপ লোৱা অৱস্থাত উদ্ধাৰ পিটিআইৰ জ্যেষ্ঠ সাংবাদিকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details