নিউজ ডেস্ক, 16 চেপ্তেম্বৰঃঅন্ধ্ৰপ্ৰদেশৰ গোদাবৰী নৈত দেওবাৰে সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাত নিহতৰ সংখ্যা 10গৰাকীলৈ বৃদ্ধি পাইছে ৷ সৰ্বমুঠ 72গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হৈ সংঘটিত হয় শোকাৱহ ঘটনাটো ৷ ঘটনাস্থলীত এনডিআৰএফ, এছডিআৰএফ আৰু নৌ-সেনাৰ যুটীয়া উদ্ধাৰকাৰী দলে হেলিকপ্টাৰ আৰু অন্যান্য উন্নত সজুলি ব্যৱহাৰ কৰি অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷
অন্ধ্ৰপ্ৰদেশ নাও দুৰ্ঘটনাঃ দহগৰাকী নিহত, 39 গৰাকী সন্ধানহীন
দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ পূব গোদাবৰী জিলাত সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা ৷ 72 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া ৰাজ্যিক পৰ্যটন বিভাগৰ এখন নাও দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ফলত 10 গৰাকী যাত্ৰী নিহত হোৱাৰ লগতে বৰ্তমানেও সন্ধানহীন হৈ আছে 39 গৰাকী যাত্ৰী ৷
আনহাতে নাও দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোকপ্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বহুকেইগৰাকী শীৰ্ষ ৰাজনৈতিক নেতাই ৷ সোমবাৰে দিনৰ ভাগত সুকলমে উদ্ধাৰ হোৱা যাত্ৰীসকলৰ কাষত উপস্থিত হয় অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আকাশমাৰ্গেৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে গোদাবৰী নৈত সকলোধৰণৰ নাওসেৱা বন্ধ কৰাৰ লগতে অনুজ্ঞাপত্ৰকে ধৰি অন্যান্য দিশসমূহ পৰীক্ষা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷
উল্লেখ্য যে, শনিবাৰলৈকে গোদাবৰী নৈত বাঢ়নী পানীৰ স্তৰ বিপদসীমাৰ ওপৰেদি বৈ আছিল ৷ অৱশ্যে দেওবাৰে পানীৰ স্তৰ অৱনতি ঘটাৰ বাবেই পৰ্যটক নাওসমূহৰ চলাচলত অনুমতি প্ৰদান কৰিছিল সংশ্লিষ্ট বিভাগে ৷