অসম

assam

ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশৰ পুনৰ ৬ খন জিলাত উপলব্ধ আৰোগ্যশ্ৰী আঁচনি - আৰোগ্যশ্ৰী আঁচনি

সোমবাৰৰ পৰা অন্ধ্ৰপ্ৰদেশত ৬ খন জিলাত অন্তৰ্ভুক্ত হ'ল আৰোগ্যশ্ৰী আঁচনি । এই আঁচনিৰ জৰিয়তে ১০০০ টকাৰ অধিক চিকিৎসা ব্যয়ত ৰোগীয়ে লাভ কৰিব বিশেষ ৰেহাই ।

 অন্ধ্ৰপ্ৰদেশ
অন্ধ্ৰপ্ৰদেশ

By

Published : Jul 14, 2020, 3:38 PM IST

নিউজ ডেস্ক, ১৪ জুলাইঃ অন্ধ্ৰপ্ৰদেশ চৰকাৰে নতুনত্ব প্ৰদান কৰিছে "পাইলট প্ৰকল্প"ক । যাৰ অধীনত আৰোগ্যশ্ৰী আঁচনিৰ জৰিয়তে ১০০০ টকাৰ অধিক চিকিৎসা ব্যয়ত ৰোগীয়ে লাভ কৰিব বিশেষ ৰেহাই । ১৬ জুলাইৰ পৰা অন্ধ্ৰপ্ৰদেশৰ ৬ খন জিলাত আৰম্ভ হ'ব এই আঁচনি ।

অন্ধ্ৰপ্ৰদেশৰ পুনৰ ৬ খন জিলাত উপলব্ধ আৰোগ্যশ্ৰী আঁচনি

মুখ্যমন্ত্ৰী কাৰ্যালয়ে সদৰি কৰা বিবৃতি অনুসৰি, এই আঁচনিৰ জৰিয়তে ৬ খন জিলাৰ ৰোগী লাভাম্বিত হ'ব । কডপ্পা, কুৰনুল, প্ৰকাশম, গুটুৰ, বিজয়নগৰ আৰু বিশাখাপট্টনমত উপলব্ধ হয় এই আঁচনি । তাৰোপৰি,ৰোগীসকলৰ চিকিৎসা সম্বন্ধীয় খৰচ ১০৫৯ টকাৰ পৰা বঢ়াই ২২০০ টকা কৰে । য'ত বিশেষভাৱে কেঞ্চাৰ ৰোগীক দেখভাল কৰা সেৱাসমূহকো অন্তৰ্ভুক্ত কৰে । উল্লেখ্য যে, ২০১৯ চনৰ জুন মাহৰ পৰা আৰোগ্যশ্ৰী আঁচনিৰ জৰিয়তে ১৮১৫ কোটি টকা তথা কৰ্মচাৰী স্বাস্থ্য প্ৰকল্পৰ জৰিয়তে ৩১৫ কোটি টকাৰ অনুদান আগবঢ়াই ।

লগতে চাওকঃবাইকো নাচঘৰ নিৰ্মাণ বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে ৰিংমিলা হোজাইয়ে

ABOUT THE AUTHOR

...view details