নিউজ ডেস্ক, 21 মে‘ :অন্ধ্ৰপ্ৰদেশৰ এখন চৰকাৰী চিকিৎসালয়ৰ এজন চিকিৎসকে পিপিই কিটৰ নাটনি সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰশ্ন কৰি এতিয়া চৰ্চালৈ আহিছে ৷ চিকিৎসকজনে পি পি ই কিটৰ নাটনিৰ ওপৰত চৰকাৰক প্ৰশ্ন কৰাৰ পাছত এতিয়া চিকিৎসকজনে সমৰ্থন বুধবাৰে সমৰ্থন লাভ কৰে ৰাজ্যৰ বিৰোধী দল সমূহৰ ৷
নাৰ্চিপাটনাম ক্ষেত্ৰ চিকিৎসালয়ৰ চিকিৎসক সুধাকৰ ৰাওক বিগত মাহত কোভিড-19 ৰ কৰ্তব্যত নিয়োজিত চিকিৎসকসকলক কিয় এন-95 মাস্ক যোগান ধৰা হোৱা নাই বুলি কৰা প্ৰশ্নৰ পাছত বিশাখাপট্টনমৰ পৰ্ট হাস্পতালৰ সন্মুখত উপদ্ৰৱ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৷