নেশ্যনেল ডেস্ক, 22 জুলাই:অন্ধ্ৰ প্ৰদেশ চৰকাৰে 5 চেপ্তেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তথাপিও নিৰ্দিষ্ট তাৰিখত পৰস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷
মুখ্যমন্ত্ৰী ৱাই.এছ. জগমোহন ৰেড্ডীৰ সৈতে হোৱা এখন পৰ্যালোচনা বৈঠকৰ অন্তত, বৈঠকত লোৱা এই সিদ্ধান্তৰ বিষয়ে শিক্ষামন্ত্ৰী আদিমুলাপ্পু সুৰেশে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, চৰকাৰে 5 চেপ্তেম্বৰ তাৰিখটো নিৰ্ধাৰণ কৰিছে, কিন্তু সমসাময়িক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব অন্তিম সিদ্ধান্ত ৷
ইয়াৰোপৰি তেওঁ কয়, যেতিয়ালৈ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ বাবে সামগ্ৰীৰ যোগান ধৰিব নোৱাৰে তেতিয়ালৈ মধ্যাহ্ন ভোজনৰ সলনি শুকান খাদ্য সামগ্ৰী ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰৰ পৰা তেওঁলোকক যোগান ধৰিব লাগিব ৷