অসম

assam

ETV Bharat / bharat

দৰিদ্ৰৰ বাবে নিজেই খাদ্য় ৰান্ধিলে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীয়ে - দৰিদ্ৰৰ বাবে নিজেই খাদ্য় ৰান্ধিলে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীয়ে

লক ডাউনৰ মাজতেই অন্ধ্ৰপ্ৰদেশৰ এগৰাকী উপ-মুখ্যমন্ত্ৰীৰ কাৰ্যই যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । ২০০ গৰাকী দৰিদ্ৰ গাঁওবাসীৰ বাবে নিজেই স্বামীৰ সৈতে খাদ্য ৰান্ধিলে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Andhra Dy CM and spouse cook food for the village
Andhra Dy CM and spouse cook food for the village

By

Published : Apr 20, 2020, 2:26 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃদেশত চলি থকা দ্বিতীয়টো লক ডাউনৰ মাজতেই সহায়ৰ বাবে আগ বাঢ়ি আহিছে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী । শেহতীয়াকৈ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ এক কাৰ্যই এতিয়া যথেষ্ট চৰ্চা লাভ কৰাৰ লগতে বুটলিবলৈ সক্ষম হৈছে সমাদৰ ।

দৰিদ্ৰৰ কাষত অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী

অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বতে কৈছিল যে,যেতিয়াই ৰাজ্য়বাসীৰ প্ৰয়োজন হ'ব তেতিয়াই যুৱজানা শ্ৰমিক ৰায়থু কংগ্ৰেছ দলৰ (YCP) চৰকাৰ সহায়ৰ বাবে সাজু থাকিব। সেই কথাই সাৰ্থক কৰি চিনমৰাংগী গাঁৱৰ বিজয়নগৰম জিলাৰ নিৱাসী পামুলা পুষ্প শ্ৰীবাণী আৰু স্বামী ৱাইচিপিৰ সংসদীয় অধ্যক্ষ, শত্ৰুকৰ্লা পৰীক্ষিত ৰাজুৱে লক ডাউনৰ জটিল সময়ত দৰিদ্ৰ গাঁওবাসীৰ বাবে স্বয়ং তৈয়াৰ কৰিলে দুপৰীয়াৰ আহাৰ । প্ৰায় ২০০ গৰাকী দৰিদ্ৰ লোকৰ বাবে খাদ্য তৈয়াৰ কৰি তেওঁলোকক খাবলৈ দিয়া হয়। লগতে এনে মহানুভৱতাৰ পৰিচয় দাঙি লক ডাউনৰ সময়ত এনে মহান কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি উল্লেখ কৰে ।

ইয়াৰ লগতে অনাথ সকলক অস্থায়ী আৱসগৃহ প্ৰদানৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবেও ৰেশ্বন প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details