অসম

assam

ETV Bharat / bharat

আয়কৰ বিভাগৰ বিষয়াই ৰক্ষা কৰিলে সাপৰ জীৱন - মূমূৰ্ষ অৱস্থা

ইন্দোৰৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত মূমূৰ্ষ অৱস্থাত পৰি থকা এডাল সাপৰ প্ৰাণ ৰক্ষা কৰে বিষয়া জনে

আয়কৰ বিভাগৰ বিষয়াই ৰক্ষা কৰিলে সাপৰ জীৱন

By

Published : Jun 3, 2019, 1:43 PM IST

Updated : Jun 3, 2019, 2:24 PM IST

নিউজ ডেস্ক , 03 জুন :মধ্য প্ৰদেশৰ ইন্দোৰত সেৰ সিং নামৰ এজন আয়কৰ বিভাগৰ বিষয়াই সাপ এডালৰ প্ৰাণ ৰক্ষা কৰি মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷ ইন্দোৰৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত মূমূৰ্ষ অৱস্থাত পৰি থকা এডাল সাপৰ প্ৰাণ ৰক্ষা কৰে বিষয়া জনে ৷ সেৰ সিঙৰ এনে কাৰ্যক সকলোৱে শলাগ লৈছে ৷

জানিব পৰা মতে ইন্দোৰৰ কনাড়িয়া ৰোডস্থিত এখন ব্যক্তিগত শিক্ষানুষ্ঠানত হঠাৎ এডাল সাপ ওলাই ৷ অতৰ্কিতে সাপডাল ওলাই যোৱাত শিক্ষানুষ্ঠানখনৰ কৰ্মচাৰী সকলৰ মাজত হুৱা-দুৱা লাগে ৷ আৰু ভয়তে তেওঁলোকে সাপডালৰ ওপৰত কীটনাশক দিয়ে ৷ কীটনাশকৰ প্ৰভাৱত সাপডাল মূমূৰ্ষ হৈ যায় ৷ ইপিনে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আয়কৰ বিভাগৰ বিষয়া সেৰ সিং উপস্থিত হয় ৷ তেওঁ সাপডালৰ মুখত পাইপ যোগে পানী ভৰাই সাপডালক বমি কৰোৱাই আৰু কিছু সময়ৰ পাচতে সাপডালৰ সুস্থ হৈ উঠে ৷ আয়কৰ বিভাগৰ বিষয়াজনে জনোৱা অনুসৰি ইয়াৰ পূৰ্বেও তেখতে বহু বিসাক্ত সাপ আৰু জীৱ-জন্তুক ৰক্ষা কৰিছে ৷ উল্লেখ্য যে, কিছু দিন পূৰ্বে এডাল কোব্ৰা সাপ এডালৰ গাত গাড়ীৰ টায়াৰ উঠি গৈছিল ৷ আৰু তেওঁ সেই আঘাতপ্ৰাপ্ত সাপডালক 45 টা চিলাই কৰি সাপডালৰ প্ৰাণ ৰক্ষা কৰিছিল ৷

Last Updated : Jun 3, 2019, 2:24 PM IST

ABOUT THE AUTHOR

...view details