অসম

assam

ETV Bharat / bharat

গান্ধীজীৰ নাতি তুষাৰ গান্ধীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ - Mahatma Gandhi

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত গান্ধীবাদৰ বিভিন্ন আনুষংগিক দিশৰ বিষয়ে অৱলোকন আগবঢ়াই গান্ধীজীৰ নাতি তুষাৰ গান্ধীয়ে ৷ তেখেতে সাম্প্ৰতিক প্ৰেক্ষাপটত গান্ধীবাদী আদৰ্শৰ প্ৰাসংগিকতা সম্বন্ধেও মন্তব্য আগবঢ়াই ৷

তুষাৰ গান্ধীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

By

Published : Aug 23, 2019, 5:16 PM IST

Updated : Aug 23, 2019, 5:47 PM IST

নিউজ ডেস্ক, 23 আগষ্টঃ মহামানৱ মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে গান্ধীজীৰ জ্যেষ্ঠ নাতি তুষাৰ গান্ধীৰ সৈতে হোৱা ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত প্ৰবীন গান্ধীবাদী নেতা গৰাকীয়ে গান্ধীবাদী দৰ্শন আৰু আদৰ্শৰ ওপৰত বিস্তৃত অৱলোকন আগবঢ়াই ৷ নেতাগৰাকীয়ে মহাত্মাৰ অহিংস আৰু সহিষ্ণুতাৰ আদৰ্শক ৰোমন্থন কৰি বৰ্তমান সমাজত প্ৰচলিত অসহিষ্ণু বাতাবৰণক প্ৰতিহত কৰাৰ অমোঘ অস্ত্ৰ বুলি অভিহিত কৰে ৷

সাংবাদিকৰ প্ৰশ্নৰ প্ৰসংগত তেখেতে কয় যে, গান্ধীবাদী আদৰ্শ বহনক্ষম আৰু ই সাম্প্ৰতিক কালত বিশ্বজনীন গ্ৰহণযোগ্যতা অৰ্জন কৰিছে ৷
গান্ধীবাদী ভাৱাদৰ্শৰ ভৱিষ্যৎ সম্পৰ্কে বিভিন্ন সংশয় তথা শংকাৰ কাৰণ উৎপন্ন হোৱাৰ ক্ষণত মহাত্মা গান্ধী ন্যাসৰ অধ্যক্ষগৰাকীয়ে গান্ধীবাদী ধ্যান-ধাৰণাক মানৱ জাতিৰ দ্বাৰা আৱিষ্কৃত আটাইতকৈ বহনক্ষম আদৰ্শ বুলি মন্তব্য কৰে ৷

তেখেতে কয়," ব্যক্তিৰ অ-বহনক্ষম জীৱনশৈলীলৈ স্থিৰতা তথা স্থিতাৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত গান্ধীবাদী আদৰ্শৰ অবিহনে আন কোনো বিকল্প নাই ৷ কাৰণ ই দীৰ্ঘ সময় ধৰি বাহাল হৈ আছে আৰু ইতিমধ্যেই চিৰযুগমীয়া হিচাপে প্ৰতিষ্ঠিত হৈছে ৷"

গান্ধীবাদ সম্পৰ্কে গান্ধীজীৰ নাতি তুষাৰ গান্ধীৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ

গান্ধীবাদী ভাৱাদৰ্শৰ ইতিবৃত্ত সম্পৰ্কে অৱতাৰণা কৰি তুষাৰ গান্ধীয়ে কয় যে গান্ধীবাদী মতাদৰ্শ আধুনিক সমাজৰ সৃষ্টি নহয় ৷ ই মূলতঃ চাৰিটা আধাৰৰ ওপৰত প্ৰতিষ্ঠিত আৰু ইয়াৰে প্ৰথমটো নীতিৰ ওপৰতেই সভ্যতা আৰু মানৱ সমাজৰ ইতিবৃত্ত বিচাৰি পোৱা যায় ৷
তেওঁ উল্লেখ কৰে যে, কেৱল সমগ্ৰ বিশ্বত একমাত্ৰ গান্ধীবাদী নীতিয়েই একমাত্ৰ ভাৱাদৰ্শ যাক গ্ৰহণৰ যোগেদি মনুষ্য জাতিয়ে প্ৰকৃতিয়ে প্ৰদান কৰা উপহাৰ আৰু অন্যান্য মতাদৰ্শত বিশ্বাসীসকলৰ বৈচিত্ৰময় আদৰ্শক হৰণ তথা সেই আদৰ্শসমূহৰ সৈতে কোনো পাৰস্পৰিক সংঘৰ্ষত লিপ্ত নোহোৱাকৈয়ে নিজৰ কাৰ্যপন্থা আগুৱাই নিব পাৰে ৷

বৰ্তমান ৰাজহুৱা জীৱনত বৃদ্ধি পোৱা অহিষ্ণুতা তথা সংঘাতময় পৰিস্থিতিৰ কথা উল্লেখ কৰি গান্ধীবাদী নেতাগৰাকীয়ে কয় যে, মহাত্মা গান্ধী নিজেও এই পৰিস্থিতিৰ সৈতে মুখামুখি হ'বলৈ নিশ্চিতভাৱে অহিংসাৰ পন্থাকে হাতত ললে হয় ৷

সমাজত বৃদ্ধি পোৱা হত্যা-হিংসাৰ ওপৰত মন্তব্য আগবঢ়াই তেওঁ আক্ষেপ প্ৰকাশ কৰি কয় যে, যিসকলে নৈৰাজ্যৰ সৈতে অৱস্থান কৰে, তেওঁলোকৰ বাবে অশান্তিময় পৰিৱেশ কোনো নতুন সংযোজন নহয়, কিন্তু সমাজৰ সেইসকল ব্যক্তিয়েহে বেছি ভয়াৱহ হৈ দেখা দিয়ে, যিসকলে নৈৰাজ্যতাক নীৰৱে নিজৰ জীৱনৰ অভিন্ন অংগ হিচাপে মানি লয় ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱন দৰ্শনক এজন দক্ষ চিকিৎসকৰ সৈতে তুলনা কৰি তেঁও কয়, যেনেদৰে এজন চিকিৎসকে ৰোগৰ শিপাত উপনীত হৈ ৰোগীৰ চিকিৎসা সমাধা কৰে আৰু ক্ষন্তেকীয়া উপশমক গুৰুত্ব নিদিয়ে ৷ ঠিক তেনেদৰে বাপুজীয়ে সমাজৰ পৰিৱৰ্তনশীল ঘটনা-পৰিঘটনাক অধ্যয়ন কৰি সমাজলৈ বহিঃপ্ৰকাশৰ আগতেই তাৰ ওপৰত কাৰ্যব্যৱস্থা লোৱাৰ দূৰদৃষ্টি ৰাখিব পাৰিছিল ৷

গান্ধীবাদ সম্পৰ্কে গান্ধীজীৰ নাতি তুষাৰ গান্ধীৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ


গান্ধীবাদী নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে যিকোনো ধৰণৰ গোড়ামী তথা উন্মাদনা ক্ষন্তেকীয়া, ই কেতিয়াও দীৰ্ঘম্যাদী তথা বহনক্ষম হ'ব নোৱাৰে ৷ যিসকলে গোড়া তথা মৌলবাদী চিন্তাধাৰাত বিশ্বাসী সেইসকলেও ভালদৰেই উপলব্ধি কৰে যে তেওঁলোকৰ ভাৱাদৰ্শৰ কেতিয়াও দীৰ্ঘকালীন নহয় আৰু সেয়েহে তেওঁলোকে খৰধৰকৈ নিজৰ মতাদৰ্শ প্ৰতিষ্ঠা কৰাত সময় অতিবাহিত কৰে ৷ গান্ধীবাদী আদৰ্শক পূৰ্ণমাত্ৰাই প্ৰাকৃতিক বুলি উল্লেখ কৰি নেতাগৰাকীয়ে কয়, " যেতিয়াই এটা সৰু মুহূৰ্তৰ বাবে সকলো শেষ হোৱা যেন অনুভৱ হয়, তেতিয়াই আমি পুনৰাই গান্ধীবাদী মতাদৰ্শলৈ উলটি যাওঁ ৷ ইয়াৰ পৰা এয়াই প্ৰমাণিত হয় যে উদাৰতাবাদী পন্থা চিৰযুগমীয়া আনহাতে চৰমপন্থা ক্ষণস্থায়ী ৷

‘‘স্বচ্ছ ভাৰত গান্ধীবাদী আদৰ্শৰ দ্বাৰা আংশিকভাৱে অনুপ্ৰাণিত এক ধাৰণা’’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানক গান্ধীবাদী আদৰ্শৰ আংশিক তথা সময়োপযোগী প্ৰতিফলন বুলি কৈ তেওঁ আভ্যন্তৰীণ পৰিচ্ছন্নতাক অতি প্ৰয়োজনীয় বুলি অভিহিত কৰে৷

‘‘হয়,পৰিচ্ছন্নতা গুৰুত্বপূৰ্ণ,কিন্তু আত্মাৰ আভ্যন্তৰীণ পৰিচ্ছন্নতা আৰু ভাতৃত্ববোধৰ আদৰ্শবাদ অতিশয় বেছি গুৰুত্বপূৰ্ণ৷বাহ্যিক পৰিচ্ছন্নতা সহজ কিন্তু আভ্যন্তৰীণ পৰিচ্ছন্নতাৰ স্ৰোতক অৱহেলা কৰাটোও সহজ’’ বুলি মন্তব্য কৰে তুষাৰ গান্ধীয়ে৷ ‘‘ আপুনি মনৰ পৰা যিমানেই অশ্লীলতা আঁতৰি যাবলৈ নিদিয়ক কিয়, যদিহে আপোনাৰ মন অশ্লীল, তেন্তে আপোনাৰ মনত অশ্লীলতাৰ সৃষ্টি হৈয়েই থাকিব’’

গান্ধীবাদ সম্পৰ্কে গান্ধীজীৰ নাতি তুষাৰ গান্ধীৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ

‘‘ এইটো স্পষ্ট যে গডছে এতিয়া নায়ক ’’- সেয়েহে সাম্প্ৰতিকভাৱে হত্যা-বিদ্বেষৰ আদৰ্শবাদত মানুহ নিমজ্জিত হোৱাটোত আচৰিত নহয় ৷ সাম্প্ৰতিক পৰিস্থিতিক জ্বৰৰ সৈতে তুলনা কৰি ইয়াক স্বাভাৱিক বিশেষত্বৰ নহয় বুলি কৈছিল গান্ধীজীয়ে৷ ‘‘সকলোৱে এদিন বহনক্ষম আদৰ্শবাদৰ সন্ধান কৰিব,কিয়নো হত্যা-বিদ্বেষৰ আদৰ্শবাদত মনুষ্যত্ব চিৰকাল স্থিত হৈ নাথাকে৷ হত্যা-বিদ্বেষৰ আদৰ্শবাদে জীৱন,পৰিবেশ,প্ৰকৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে৷ কোনেও ইচ্ছাকৃতভাৱে ঘৃণাৰ বাহক অথবা উগ্ৰপন্থী হৈ থাকিব নোৱাৰে৷ সময়ৰ অন্ধকাৰময় খণ্ডতো আশাৰ ৰেঙণি থাকিবই৷’’ বুলি উল্লখে কৰে তুষাৰ গান্ধীয়ে ৷‘‘মৃত্যুৰ পাছতো গান্ধীজীৰ আদৰ্শবাদে গোটেই পৃথিৱীৰ আন্দোলনক অনুপ্ৰাণিত কৰি আহিছে৷’’

গান্ধীবাদ সম্পৰ্কে গান্ধীজীৰ নাতি তুষাৰ গান্ধীৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ
গান্ধীবাদী চিন্তাক স্ব-বহনক্ষম বুলি অভিহিত কৰি তেওঁ কয় - আদৰ্শবাদক কোনো ইন্ধনৰ প্ৰয়োজন নহয়, ইয়াক প্ৰয়োজন মাথো উপলব্ধিৰ’’ তেখেতে আৰু কয় যে ‘‘গান্ধীবাদী আদৰ্শক কাৰো মগজুত সুমুৱাই দিব নোৱাৰি, দৰৱৰ দৰে খুৱাই দিব নোৱাৰি, ইয়াক উপলব্ধি কৰাৰ প্ৰয়োজন৷ ইয়াৰ উপলব্ধিৰ বাবে কোনো নিৰ্দেশনাৰ প্ৰয়োজন নহয়’’ ৷ বহনক্ষমতাই সাম্প্ৰতিক বিশ্বৰ ঘৃণা-বিদ্বেষৰ একমাত্ৰ কাৰণ বুলি মন্তব্য কৰি সোনকালেই বিশ্ববাসীয়ে গান্ধীবাদী আদৰ্শক ভালকৈ বুজি উঠিব মত প্ৰকাশ কৰে ৷ তেওঁ গান্ধীজীৰ হত্যাৰ পাছতো গান্ধীবাদী আদৰ্শবাদে গোটেই পৃথিৱীৰ আন্দোলনক মনঃস্তাত্বিকভাৱে অনুপ্ৰাণিত কৰি আহিছে বুলিও জনায় ৷ ‘‘সেই উগ্ৰপন্থাৰ মানসিকতা কঢ়িয়াই ফুৰা ব্যক্তিসকল যি সকলে গান্ধীবাদী আদৰ্শৰ সদায় বিৰোধিতা কৰি আহিছে, গান্ধীজীক হত্যা কৰাৰ পাছতো তেওঁলোকে জানে যে এই আদৰ্শক হেঁচা দি বন্ধ কৰি ৰাখিব নোৱাৰি৷ এই আদৰ্শবাদক সীমাৰেখাত সীমাবদ্ধ কৰিব নোৱাৰি - এইদৰে নিজৰ মতামত দাঙি ধৰে তুষাৰ গান্ধীয়ে ৷
Last Updated : Aug 23, 2019, 5:47 PM IST

ABOUT THE AUTHOR

...view details