মধ্যপ্ৰদেশ,4 ফেব্ৰুৱাৰীঃ আইন উলংঘা কৰাৰ শাস্তি হিচাপে মানুহ যে আইনৰ ওচৰত দণ্ডনীয় হ'ব লগা হয় সেই কথা আমি সকলোৱে জানো ৷ কিন্তু এইবাৰ মানুহ নহয় আইন উলংঘা কৰাৰ বাবে কাৰাবাস খাটিব লগা হৈছে এটা হাতীয়ে ৷ এই ঘটনা মধ্যপ্ৰদেশৰ ৷ মধ্যপ্ৰদেশৰ নৰসিংহপুৰ থানাৰ অন্তৰ্গত গৌটেগাঁৱত পৰিবহণ অনুজ্ঞা পত্ৰ নথকাকৈ এজন মাউতে হাতীটো ব্যৱহাৰ কৰি আছিল ৷ নৰসিংহপুৰ থানাই এই কথাৰ উমান পোৱাৰ পাছতে হাতীটো কাৰাৰুদ্ধ কৰে ৷ হাতীটো পুলিচ কাষ্টাডীত ৰখাৰ সময়ত হাতীটোৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে, হাতীটোক যাৱতীয় খাদ্য প্ৰদান কৰি থাকিব লগা হৈছে নৰসিংহপুৰ আৰক্ষীয়ে ৷ হাতীটো এনেদৰে থানাত কাৰাৰুদ্ধ হৈ থকাৰ খবৰটো ইতিমধ্যে ভাইৰেল হৈ পৰাৰ লগতে খবৰটোৱে বিভিন্ন প্ৰান্তৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
আইন উলংঘা কৰাৰ বাবে পুলিচ কাষ্টডীত সোমাল গজৰাজ - মধ্যপ্ৰদেশৰ নৰসিংহপুৰ
আইন উলংঘা কৰাৰ বাবে মানুহে কাৰাবাস খটা সকলোৱে দেখিছো , কিন্তু এইবাৰ মানুহ নহয় এটা হাতীয়ে কাৰাবাস খাটিছে মধ্যপ্ৰদেশৰ নৰসিংহপুৰত ৷
পুলিচ কাষ্টাডীত সোমাল গজৰাজ
Last Updated : Feb 4, 2020, 2:33 PM IST