তিনিচুকীয়া, 9 চেপ্তেম্বৰ: ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থাৰ চন্দযান-2 অভিযানক লৈ দেশবাসী গৌৰৱাম্বিত হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিশেষভাৱে চৰ্চিত হৈ পৰিছে এই অভিযান ৷ নাছা, আৰৱ স্পেছ এজেঞ্চি, আষ্ট্ৰেলিয়ান স্পেছ এজেঞ্চি সকলোৱেই এই অভিযানৰ বাবে ভাৰতক প্ৰশংসা জনাইছে ৷ এনে এক বৃহৎ অভিযানত জড়িত আছিল এগৰাকী অসমীয়া বোৱাৰী ৷
তিনিচুকীয়াৰ শ্যামাপল্লী দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী নিধি শৰ্মায়ো বিশেষভাৱে অৰিহনা আগবঢ়াইছিল চন্দ্ৰযান-2ৰ অভিযানত ৷ চলিত বৰ্ষতে দিল্লীৰ পৰা তিনিচুকীয়ালৈ বিয়া হৈ আহিছিল নিধি শৰ্মাই ৷ ন-বোৱাৰী নিধিয়ে নিজৰ কৰ্ম জীৱন আৰু ব্যক্তিগত জীৱনৰ দায়িত্ব দুয়োটাই খুব সুন্দৰকৈ পালন কৰিছিল ৷ এই বিষয়ে প্ৰকাশ কৰিছে স্বামীৰ পিতৃ দীপক দেৱে-