ভাৰতৰ প্লাষ্টিকৰ সমস্যাৰ সাম্ভাব্য সমাধান হিচাপে প্ৰায় 20 হাজাৰ প্লাষ্টিক বটল ব্যৱহাৰ কৰি উজগংকাৰে নিৰ্মাণ কৰা ঘৰটোৱে আপোনাক আচৰিত কৰি তুলিব ৷ ইটা বালি শিল চিমেণ্টেৰে নিৰ্মিত ঘৰ সকলোতে সহজলভ্য ৷ কিন্তু প্লাষ্টিকৰ বটলেৰে গৃহ নিৰ্মাণ সমগ্ৰ ভাৰততে এটা সম্পূৰ্ণ নতুন ধৰণা
প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা এটা ঘৰ ৷ - Amravati- A home was constructed using plastic bottles
যি সময়ত বিশ্বজুৰি প্লাষ্টিকক ত্ৰাস হিচাপে গণ্য কৰা হৈছে, ঠিক সেইসময়তে অমৰাৱতীৰ ৰাজুৰা নগৰৰ নীতিন উজগংকাৰে নিজৰ উদ্ভাৱনী কৌশলেৰে বৰ্জিত প্লাষ্টিকক পৰিবেশ অনুকূল ঘৰ নিৰ্মাণত ব্যৱহাৰ কৰিছে ৷

উজগংকাৰে উদ্ভাৱন কৰা এই প্লাষ্টিক গৃহটো নিৰ্মাণ কৰিছিল দস্তুৰনগৰ অঞ্চলৰ চেণ্ট গ্ডজ বাবা অমৰাৱতী বিশ্ববিদ্যালয়ৰ সমীপত ৷ আইনৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উজগংকাৰে নিজৰ চখ পূৰণৰ বাবেহে নিৰ্মাণ কাৰ্যত ব্ৰতী হৈছিল ৷ তেওঁ নিৰ্মাণ খণ্ডত সদায়ে কিবা এটা অভিনৱ পদ্ধতি উদ্ভাৱনৰ কথা চিন্তা কৰে ৷
উজগংকাৰৰ মতে, সকলোৱে এই কৌশল দেখি হতবাক হৈছিল ৷ কিন্তু ক্ৰমান্বয়ে সকলোৱে এই পদ্ধতিক বিশ্বাস কৰিবলৈ ধৰিছে ৷ খটখটীবোৰ ইটাৰে আৰু ঘৰৰ দেৱালবোৰ প্লাষ্টিকৰ বটল আৰু বালিৰে নিৰ্মাণ কৰা হয় ৷ দেশত প্ৰতি নিয়ত বাঢ়ি অহা প্লাষ্টিক প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ অদূৰ ভৱিষ্যতে এইটো এটা মূল্যৱান কৌশল ৰূপে প্ৰমাণিত হ'ব ৷
TAGGED:
PLASTIC SPECIAL STORY