অসম

assam

ETV Bharat / bharat

দিল্লীৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহৰ বৈঠক

শনিবাৰৰ দিনটোত দিল্লীত মুঠ ৩,৬৩০ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৫৬,৭৪৬ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে ২৭,৭৪১ গৰাকী লোক বৰ্তমান চিকিত্সাধীন অৱস্থাত আছে।

Amit Shah
Amit Shah's meeting with Delhi LG, CM Kejriwal over COVID-19 situation

By

Published : Jun 21, 2020, 8:00 PM IST

নিউজ ডেস্ক, ২১ জুনঃ নতুন দিল্লীত গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠক। ৰাজধানী দিল্লীৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰিবৰ বাবে অনুষ্ঠিত হয় বৈঠকখন। বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্য়মন্ত্ৰী হৰ্ষ বৰ্ধন আৰু স্বাস্থ্য সম্পাদক প্ৰীতি চুডান।

ইয়াৰোপৰি, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজাল, মুখ্যমন্ত্ৰী অৰৰবিন্দ কেজৰিৱাল, উপমুখ্যমন্ত্ৰী মণিশ সিসোদিয়া আৰু আন কেইবাগৰাকী বিষয়া ভিডিঅ' কনফাৰেঞ্চিং যোগে বৈঠকত উপস্থিত থাকে। ৰাজধানী চহৰখনৰ কোভিড-১৯ৰ পৰিস্থিতিক লৈ জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে কেইবাদিন ধৰি একেৰাহে মন্ত্ৰী তথা বিভাগীয় বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ আছে।

উল্লেখ্য যে, শনিবাৰৰ দিনটোত দিল্লীত মুঠ ৩,৬৩০ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৫৬,৭৪৬ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে ২৭,৭৪১ গৰাকী লোক বৰ্তমান চিকিত্সাধীন অৱস্থাত আছে।

ৰাজধানী দিল্লীত প্ৰতিদিনে দ্ৰুত গতিত কোভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে যদিও ৰোগীক পৰ্যাপ্ত চিকিত্সা সেৱা প্ৰদান কৰি থকা হৈছে বুলি লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজালে শনিবাৰে টুইটাৰযোগে প্ৰকাশ কৰিছিল।

ABOUT THE AUTHOR

...view details