নেশ্যনেল ডেস্ক,1 জানুৱাৰী: মঙলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে সশস্ত্ৰ সীমা বলৰ (SSB) মুখ্য কাৰ্যালয়ত উপস্থিত হৈ নেপাল আৰু ভূটান সীমান্তৰ সুৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰে ৷ গৃহ মন্ত্ৰণালয়ৰ চৰকাৰী তথ্য অনুসৰি,সশস্ত্ৰ সীমা বলৰ মহানিৰ্দেশক কুমাৰ ৰাজেশ চন্দ্ৰই শ্বাহৰ আগত এই কথা প্ৰকাশ কৰে ৷ কুমাৰ ৰাজেশ চন্দ্ৰই কয়,"তেওঁক সংগঠনৰ সংৰচনা সম্পৰ্কত অৱগত কৰোৱাৰ লগতে সৈন্য মোতায়েন,বিভিন্ন অভিযানত সফলতা আৰু বিভিন্ন দিশ সম্পৰ্কেও তথ্য প্ৰদান কৰা হয় ৷"
অমিত শ্বাহৰ সৈতে এই ভ্ৰমণত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা আৰু গৃহ মন্ত্ৰণালয়ৰ বহুকেইজন উচ্চপদস্থ বিষয়া ৷ আৰ কে পুৰামস্থিত এই কাৰ্যালয়ত অমিত শ্বাহক সশস্ত্ৰ সীমা বলে উষ্ম আদৰণি প্ৰদান কৰে ৷ 2019 বৰ্ষলৈকে এই বিভাগত 73 টা বেটেলিয়ানত 94,261 জন সৈন্যই সেৱা আগবঢ়াই আছে ৷