নেশ্বনেল ডেস্ক, 5 অক্টোবৰ :
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে ভ্ৰমণ কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মিজোৰাম ৷ ৰাজধানী আইজলত উপস্থিত হৈ উত্তৰ-পূৰ্বাঞ্চল হস্ততাঁত আৰু হস্তশিল্প প্ৰদৰ্শনী উন্মোচন কৰিব শ্বাহে ৷
হস্তশিল্প প্ৰদৰ্শনী উন্মোচনৰ বাবে মিজোৰাম ভ্ৰমণ কৰিব অমিত শ্বাহে - ৰাজধানী আইজল
উত্তৰ-পূৰ্বাঞ্চল হস্ততাঁত আৰু বস্তশিল্প প্ৰদৰ্শনী উন্মোচন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ শনিবাৰে মিজোৰাম ভ্ৰমণ কৰিব শ্বাহে ৷
অমিত শ্বাহ
উল্লেখ্য যে, শুকুৰবাৰে শ্বাহে সীমান্ত সুৰক্ষা সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় ৷ এই বৈঠকত অংশগ্ৰহণ কৰে গৃহ সচিব (সীমান্ত পৰিচালনা), বিশেষ সচিব (আভ্যন্তৰীণ সুৰক্ষা) আৰু সীমান্ত সুৰক্ষা বিভাগৰ মহানিৰ্দেশক, সশস্ত্ৰ সীমা বল, ইণ্ডো-তিব্বতীয় সীমান্ত আৰক্ষী, আছাম ৰাইফলছ আৰু গৃহ মন্ত্ৰণালয়ৰ উচ্চপদস্থ বিষয়াই ৷