অসম

assam

ETV Bharat / bharat

কৰ্মক্ষেত্ৰত যৌন উৎপীড়ণ; মন্ত্ৰীপৰিষদৰ নেতৃত্বত অমিত শ্বাহ - ইটিভি ভাৰত

কৰ্মক্ষেত্ৰত যৌন উৎপীড়ণ ৰোধৰ বাবে কেন্দ্ৰই স্থাপন কৰা মন্ত্ৰীপৰিষদক নেতৃত্ব দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠন হোৱা এই মন্ত্ৰী পৰিষদত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ লগতে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণী থাকিব ৷

কৰ্মক্ষেত্ৰত যৌন হাৰাশাস্তিঃ মন্ত্ৰীমণ্ডলীৰ নেতৃত্বত অমিত শ্বাহ

By

Published : Jul 24, 2019, 5:21 PM IST

Updated : Jul 24, 2019, 5:32 PM IST

নিউজ ডেস্ক, 24 জুলাইঃ এতিয়াৰে পৰা কৰ্মক্ষেত্ৰত মহিলাসকলে সন্মুখীন হোৱা যৌন আতিশয্য ৰ দৰে অভিযোগৰ ক্ষেত্ৰত অত্যাধিক কঠোৰ হ'ব কেন্দ্ৰীয় চৰকাৰ ৷ গৃহ মন্ত্ৰালয়ে চলোৱা এক সমীক্ষাৰ পিচতেই মোডী চৰকাৰে গ্ৰহণ কৰিছে এক নতুন পন্হা, যাৰ দ্বাৰা মহিলাসকলৰ সুৰক্ষাৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব ৷

কৰ্মক্ষেত্ৰত মহিলাসকলে সন্মুখীন হোৱা যৌন আতিশয্য নির্মূল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এক বিশেষ পৰিষদ গঠন কৰিছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠন হোৱা এই মন্ত্ৰী পৰিষদত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ লগতে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণী থাকিব ৷

কৰ্মক্ষেত্ৰত যৌন হাৰাশাস্তিঃ মন্ত্ৰীমণ্ডলীৰ নেতৃত্বত অমিত শ্বাহ

উল্লেখ্য যে, সমগ্ৰ ভাৰতব্যাপী চলা "্#Me Too" আন্দোলনৰ পিচতেই কেন্দ্ৰীয় চৰকাৰে কৰ্মক্ষেত্ৰত যৌন উৎপীড়ণৰোধ কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিছিল ৷ প্ৰখ্যাত সাংবাদিক তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী এম. জে আকবৰৰ বিৰুদ্ধে উত্থাপন হোৱা যৌন উৎপীড়ণৰ অভিযোগৰ পিচতেই মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছিল আৰু ইয়াৰ পাচতেই কেন্দ্ৰীয় চৰকাৰ অধিক কঠোৰ হৈ পৰিছিল ৷

Last Updated : Jul 24, 2019, 5:32 PM IST

ABOUT THE AUTHOR

...view details