নেশ্বনেল ডেস্ক, 30 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক (Citizenship Amendment Bill) সম্পৰ্কত শনিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ আৰু মিজোৰামৰ প্ৰতিনিধিৰে বৈঠকত মিলিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ ৷
দিল্লীৰ অসম ভৱনত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত উপস্থিত থাকিব উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়, নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি ৷ ইয়াৰোপৰি, ছাত্ৰ সংগঠন আৰু নাগৰিক সমাজৰ সদস্যৰ সৈতেও মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ উত্তৰ-পূৰ্বাঞ্চলত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ৰাজ্যকেইখনৰ প্ৰতিনিধিসকলক সৈমান কৰোৱাৰ চেষ্টা কৰিব অমিত শ্বাহে ৷ উৎসৰ পৰা লাভ কৰা তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰে অহা সপ্তাহত পুনৰ সংসদত বিধেয়কখন উত্থাপন কৰিব ৷