অসম

assam

ETV Bharat / bharat

ওড়িশাত পূৰ্ব ক্ষেত্ৰীয় পৰিষদৰ বৈঠকত অংশ ল’ব অমিত শ্বাহে - ভূৱনেশ্বৰৰ লোকসেৱা ভৱনত পূৰ্ব ক্ষেত্ৰীয় পৰিষদৰ বৈঠক

শুকুৰবাৰে ওড়িশাত অনুষ্ঠিত হ’ব 24 সংখ্যক পূৰ্ব ক্ষেত্ৰীয় পৰিষদৰ বৈঠক ৷ য’ত উপস্থিত থাকিব বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ৷

Amit Shah to chair EZC meeting in Odisha today,আজি ওড়িশাত পূৰ্ব ক্ষেত্ৰীয় পৰিষদৰ বৈঠকত অংশ ল’ব অমিত শ্বাহই
আজি ওড়িশাত পূৰ্ব ক্ষেত্ৰীয় পৰিষদৰ বৈঠকত অংশ ল’ব অমিত শ্বাহই

By

Published : Feb 28, 2020, 10:47 AM IST

নিউজ ডেস্ক, 28 ফেব্ৰুৱাৰীঃ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি ওড়িশাত অনুষ্ঠিত হ’ব 24 সংখ্যক পূৰ্ব ক্ষেত্ৰীয় পৰিষদৰ বৈঠক ৷ য’ত উপস্থিত থাকিব ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ককে ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ ৷

ভূৱনেশ্বৰৰ লোকসেৱা ভৱনত পুৱা 10.30 বজাত অনুষ্ঠিত হ’ব এই বৈঠক ৷ এই বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ ভিতৰত আছে আন্তঃৰাজ্যিক পানী সমস্যা, শক্তি বিতৰণ লাইন, কয়লা খনিৰ ৰাজহ, পেট্ৰ’লিয়াম প্ৰকল্প, দুৰ্গম স্থানত টেলিকম আৰু বেংকিঙৰ আন্তঃগাথনি স্থাপন, দেশৰ বিভিন্ন সীমান্তত গৰু সৰবাৰহকাৰী ইত্যাদি মুঠ 4 দৰ্জন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

দুদিনীয়া কাৰ্যসূচীৰে ওড়িশা ভ্ৰমণৰত আছে গৃহমন্ত্ৰী অমিত শ্বাহ ৷ 29 ফেব্ৰুৱাৰীত জগন্নাথত মন্দিৰ আৰু লিংগাৰাজা মন্দিৰ ভ্ৰমণ কৰাৰ পাচতে দিল্লীলৈ উৰা মাৰিব গৃহমন্ত্ৰীগৰাকী ৷ ইয়াৰ পূৰ্বে কলকাতাত 2018 চনৰ 1 অক্টোবৰত 23 সংখ্যক পূৰ্ব ক্ষেত্ৰীয় পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছিল ৷

ABOUT THE AUTHOR

...view details