নেশ্যনেল ডেস্ক, 2 আগষ্ট : Covid-19 ত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ দেওবাৰে পজিটিভ লাভৰ পাচতে চিকিৎসাধীন কৰা হয় শ্বাহক ৷
এই সম্পৰ্কত টুইটাৰৰ জৰিয়তে গৃহ মন্ত্ৰণালয়ে এক ঘোষণা কৰে যে, কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা দিয়াৰ পাচতে অমিত শ্বাসে স্ব-ইচ্ছাই পৰীক্ষণ চলাইছিল ৷ বৰ্তমান তেওঁৰ স্বাস্থ্য উন্নত আৰু চিকিৎসকৰ উপদেশত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি মন্ত্ৰণালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷