অসম

assam

ETV Bharat / bharat

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ সাক্ষাৎকাৰ

এন.আৰ.চি আৰু এন.পি.আৰ দুটা পৃথক বিষয় বুলি মন্তব্য অমিত শ্বাহৰ ৷ এক বিশেষ সাক্ষাতকাৰত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

By

Published : Dec 24, 2019, 10:03 PM IST

Amit shah special Interview
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ সাক্ষাৎকাৰ

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰঃ দেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ সংবাদ মাধ্যমৰ লগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বিশেষ সাক্ষাৎকাৰ ৷ এন.আৰ.চি, এন.পি.আৰ, নাগৰিকত্ব সংশোধনী আইন তথা অসমত নিৰ্মিত ডিটেনছন কেম্পক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য গৃহমন্ত্ৰীগৰাকীৰ ৷

এন.আৰ.চি আৰু এন.পি.আৰ দুটা পৃথক বিষয় বুলি মন্তব্য অমিত শ্বাহৰ ৷ ইয়াক লৈ ৰাজনৈতিকভাৱে বিপক্ষই বিভ্ৰান্তিৰ সৃষ্টি কৰা বুলি তেওঁ উল্লেখ কৰে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ সাক্ষাৎকাৰ

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে মন্তব্য কৰি অমিত শ্বাহে কয় যে, দেশৰ জনসাধাৰণে এই আইনৰ বিষয়ে লাহে লাহে বুজি পাইছে ৷ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ স্তিমিত হোৱা বুলিও উল্লেখ কৰে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ সাক্ষাৎকাৰ

আনহাতে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা বিৰোধিতাৰ বাবে হোৱা হিংসাত্মক ঘটনাৰ পৰ্যবেক্ষণ কৰা হৈছে ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘাত দেশৰ আইন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হৈছিল বুলিও মন্তব্য কৰে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ সাক্ষাৎকাৰ

ইয়াৰোপৰি অসমত নিৰ্মিত ডিটেনছন কেম্পৰ কথাও উল্লেখ কৰে অমিত শ্বাহে ৷ তেওঁ কয় যে, অসমত এতিয়ালৈ তেওঁ জনাত এটা ডিটেনছন কেম্প আছে য’ত বিদেশী নাগৰিক হিচাপে চিহ্নিত নাগৰিকসকলক ৰখা হয় ৷ ইয়াৰ লগত এন.আৰ.চি, নাগৰিকত্ব সংশোধনী আইনৰ সম্পৰ্ক নাই বুলিও উল্লেখ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ সাক্ষাৎকাৰ

আৰু পঢ়কঃCAAৰ বিৰুদ্ধে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ অভিনৱ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details