নিউজ ডেস্ক, ২১ এপ্ৰিলঃমহাৰাষ্ট্ৰৰ পালঘৰ জিলাত যোৱা ১৬ এপ্ৰিলত সংঘটিত হৈছিল এক নৃশংস গণ হত্য়াকাণ্ড । দুজন সাধু-সন্ন্যাসীসহ মুঠ তিনিজনক একাংশ লোকে মৰিয়াই-মৰিয়াই গণহত্য়া কৰিছিল । এই ঘটনাৰ সন্দৰ্ভতেই সোমবাৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ভৱ ঠাকৰেৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰক সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰাৰ লগতে মুখ্য়মন্ত্ৰীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ।
শুকুৰবাৰে জুনা আখাৰাৰ দুজন সাধু স্বামী কাল্পাব্ৰিক্স গিৰি আৰু স্বামী সুশীল গিৰি আৰু তেওঁলোকৰ ড্ৰাইভাৰ নিলেশ তেলগাড়েক একাংশ লোকে মৰিয়াই মৰিয়াই গণহত্যা কৰিছিল ।
এই ঘটনাৰ সমগ্ৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাচতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনহাতে এই ঘটনাক সাম্প্ৰদায়িক ৰং দিবলৈ চেষ্টা কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সকিয়নী প্ৰদান কৰিছে মহাৰাষ্ট্ৰৰ মুখ্য়মন্ত্ৰীয়ে। এই ঘটনা সাম্প্ৰদায়িক নহয় বুলিও উল্লেখ কৰে উদ্ভৱ ঠাকৰেই ।
মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্য়ে দুজন আৰক্ষী বিষয়াত বৰ্খাস্ত কৰাৰ লগতে অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত মহানিৰ্দেশক অতুলচন্দ্ৰ কুলকাৰ্ণীক এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে । ইতিমধ্য়ে ১০০ জনৰ অধিক লোকক কৰায়ত্ত কৰা হৈছে । য'ত অন্তৰ্ভুক্ত আছে পাঁচজন মুখ্য় অভিযুক্ত । আনহাতে ৯ জন নাৱালকক জুভেনাইললৈ পঠিওৱা হৈছে ।
শিশু অপহৰণকাৰী সন্দেহৰ বাবেই তিনিও লোকক গণহত্যা কৰা হৈছে বুলি প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে । বিশ্ব হিন্দু পৰিষদে এই ঘটনাৰ কঠোৰ ভাষাৰে সমালোচনা কৰি কিছু লোকৰ কুখ্যাত উদ্দেশ্য প্ৰকাশ পাইছে বুলি উল্লেখ কৰি এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ।