অসম

assam

ETV Bharat / bharat

ভগত সিং, সুখ দেৱ আৰু ৰাজগুৰুলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহ, ৰাহুল গান্ধীৰ - Amit Shah, Rahul Gandhi pays tribute to Bhagat Singh, Sukhdev, and Rajguru on Shaheed Diwas

শ্বহীদ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শ্বহীদ সুখদেৱ, ভগত সিং আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জনায় ৷ 1928 চনত তিনিওকে উপ আৰক্ষী অধীক্ষক জে পি চাউণ্ডাৰ্চৰ হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছিল, যাক এওঁলোকে লালা লাজপথ ৰায়ৰ হত্যাৰ অভিযুক্ত বুলি অভিহিত কৰিছিল ৷

Amit Shah, Rahul Gandhi pays tribute to Bhagat Singh, Sukhdev, and Rajguru on Shaheed Diwas
শ্বহীদ দিৱসৰ দিনটোত ভগত সিং, সুখ দেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জনায় অমিত শ্বাহ, ৰাহুল গান্ধীয়ে

By

Published : Mar 23, 2020, 5:41 PM IST

নিউজ ডেস্ক, 23 মাৰ্চঃকেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে শ্বহীদ দিৱসৰ উপলক্ষে ভগত সিং, সুখ দেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জনায় ৷ লগতে তেখেতে কয় যে, " এওঁলোকৰ বলিদানৰ পৰা সমগ্ৰ দেশবাসীয়ে সদায় প্ৰেৰণা লাভ কৰিব ৷ শ্বহীদ ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৱে জীৱিত অৱস্থাত দেশৰ কেৱল স্বাধীনতা সংগ্ৰামৰ বাবে যুদ্ধ কৰাই নহয়; নিজৰ বলিদানৰ জৰিয়তে দেশবাসীৰ অন্তৰত স্ব-শাসনৰ বীজ সিঁচি দিবলৈ সক্ষম হয় ৷ "

কংগ্ৰেছ নেতা তথা ৱায়ানাডৰ সাংসদ ৰাহুল গান্ধীয়েও তিনিওগৰাকী স্বাধীনতা সেনানীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও টুইটাৰযোগে তিনিওগৰাকী স্বাধীনতা সেনানীক শ্ৰদ্ধাঞ্জলি জনায় ৷ উল্লেখযোগ্য যে, প্ৰত্যেক বছৰেই 23 মাৰ্চৰ দিনটোক ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধা়ঞ্জলি দিয়াৰ উদ্দেশ্যে শ্বহীদ দিৱস হিচাপে পালন কৰা হয় ৷

লগতে পঢ়কঃলক্ ডাউনৰ নিয়মাৱলীক গুৰুত্ব সহকাৰে ল‘বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details