নিউজ ডেস্ক, 26 আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিশেষ বৈঠকত অংশগ্ৰহণ কৰে দেশৰ অৰ্ধসামৰিক বাহিনীৰ মহানিৰ্দেশকৰ লগতে চোৰাংচোৱা সংস্থাৰ সঞ্চালকপ্ৰধানসকলে ৷ ইয়াৰ উপৰিও বৈঠকত উপস্থিত থাকে কেবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে সেই ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানসকল তথা মুখ্য সচিবসকল ৷
নক্সালবাদক লৈ সভাত মিলিত অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচত প্ৰথমবাৰৰ বাবে নক্সালবাদ সন্দৰ্ভত আলোচনাত মিলিত হয় অমিত শ্বাহ ৷ অমিত শ্বাহৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ সচিব,বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ,ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ,মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথ,ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাস,ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘিল ৷
ইয়াৰ উপৰিও বৈঠকত অংশগ্ৰহণ কৰে চি আৰ পি এফ,আইটিবিপি,এছএছবি,এন আই এ,আই বি, বি এছ এফ,চি আই এছ এফ,ৰ'ৰ মহানিৰ্দেশকসকলে ৷ সভাত নক্সাল অধ্যুষিত দহখন ৰাজ্য ক্ৰমে,ছত্তিশগড়,ঝাৰখণ্ড,ওড়িশ্যা,পশ্চিমবংগ,বিহাৰ,মহাৰাষ্ট্ৰ,তেলেংগানা, অন্ধ্ৰপ্ৰদেশ,মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ নিৰাপত্তা আৰু অন্যান্য দিশসমূহ নিৰীক্ষণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ নক্সাল অধ্যুষিত এইসমূহ ৰাজ্যৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটোৰ ওপৰত বিশদভাৱে আলোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, 2009ৰ পৰা 2013 চনলৈ 8,782টা মাওবাদজনিত গোচৰৰ বিপৰীতে 2014ৰ পৰা 2018 চনলৈ এই সংখ্যা 4,969 হয়গৈ, যিটো 43.4 শতাংশ কম হোৱা পৰিলক্ষিত হয় ৷ ইয়াৰ বিপৰীতে 2009 চনৰ পৰা 2013 চনলৈ নিৰাপত্তা বাহিনীকে ধৰি সৰ্বমুঠ 3,326 গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ বিপৰীতে 2014 চনৰ পৰা 2018 চনলৈ এই সংখ্যা 60.4 শতাংশ কমি 1,321 গৰাকী হয় ৷ 2009 চনৰ পৰা 2018 চনলৈ সৰ্বমুঠ 1400 গৰাকী মাওবাদী নিহত হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ প্ৰথমাৰ্ধত 310টা নক্সালজনিত ঘটনাত 88 মাওবাদী নিহত হয় ৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডীয়ে বিগত মাহত দেশৰ পৰা মাওবাদৰ ঘটনা ব্যাপক হাৰে কমি অহাৰ কথা উল্লেখ কৰিছিল ৷ 2018 চনলৈ দেশত মাত্ৰ 60খন জিলাত মাওবাদীৰ অৱস্থিতিৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ ভিতৰত 10খন জিলাতে 2/3য়াংশ নক্সালবাদমুলক কাণ্ড সংঘটিত হৈ আছে ৷ পূৰ্বৱৰ্তী পাঁচবৰ্ষৰ তুলনাত এপ্ৰিল 2014ৰ পৰা মে' 2019 লৈকে নক্সালজনিত অপৰাধৰ ঘটনা কমি আহি মাত্ৰ 43 শতাংশ হয় ৷
উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰে মাওবাদৰ সৈতে মোকাবিলা কৰিবলৈ 2015 চনত অনুমোদন জনাইছিল নেশ্বনেল পলিচি এণ্ড এক্সন প্লেন ৷ এই আঁচনিৰ দ্বাৰা নক্সাল অধ্যুষিত অঞ্চলসমূহত স্থানীয় লোকসকলৰ উন্নতিৰ বাবে বহুল হাৰে উন্নয়নমূলক কামৰ লগতে অন্যান্য আন্তঃগাঁথনিমূলক কাম সম্পাদন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে ৷ আজি অনুষ্ঠিত হোৱা সভাত দেশৰ পৰা নক্সালবাদক সমুলঞ্চে নিঃশেষ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বুলি উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷