অসম

assam

ETV Bharat / bharat

গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনৰ বৈঠক

বুধবাৰে আলোচনাত মিলিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধন ৷ ভিডিঅ' কনফাৰেন্সযোগে ভাৰতীয় স্বাস্থ্য সংস্থাৰ চিকিৎসকসকলৰ সৈতে আলোচনাত মিলিত হৈ দুয়োগৰাকী মন্ত্ৰীয়ে দেশৰ চিকিৎসকসকলক সুৰক্ষাৰ আশ্বাস প্ৰদানৰ লগতে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান জনায় ৷ লগতে চিকিৎসকসকলে আগবঢ়োৱা সেৱাক লৈ চিকিৎসক সকলক প্ৰশংসা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷

By

Published : Apr 22, 2020, 1:59 PM IST

গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনৰ বৈঠক
গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনৰ বৈঠক

নিউজ ডেস্ক, 22 এপ্ৰিল : ভাৰতীয় স্বাস্থ্য সংস্থাৰ চিকিৎসকসকলৰ সৈতে বুধবাৰে আলোচনাত মিলিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন ৷ ভিডিঅ' কনফাৰেঞ্চযোগে দেশৰ চিকিৎসকসকলক সুৰক্ষাৰ আশ্বাস প্ৰদানৰ লগতে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান জনায় দুয়োগৰাকী মন্ত্ৰীয়ে ৷ ইয়াৰোপৰি, সম্প্ৰতি চিকিৎসকসকলে আগবঢ়াই থকা সেৱাক লৈ সকলো চিকিৎসককে প্ৰশংসা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷

উল্লেখ্য যে, ভাৰতীয় চিকিৎসা সংস্থাই কৰ'ণা ভাইৰাছৰ বাবে দেশৰ সংকটৰ সময়ত স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি কৰা অৱমাননাসূচক ব্যৱহাৰৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ প্ৰস্তাৱ অনুসৰি, দেশজুৰি চিকিৎসকসকলে বুধবাৰে, 'বগা দিৱস' আৰু বৃহস্পতিবাৰে 'ক'লা দিৱস' হিচাপে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ লগতে, দেশৰ সকলো চিকিৎসকক বিৰোধৰ প্ৰতীকস্বৰূপে 23 এপ্ৰিলত ক'লা বেজ পৰিধান কৰিবলৈ আৰু মমবাতি জ্বলাবলৈ আহ্বান জনাইছিল ভাৰতীয় চিকিৎসা সংস্থাই ।

ABOUT THE AUTHOR

...view details