নেশ্যনেল ডেক্স,18 আগষ্টঃ মঙলবাৰে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৷ শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷
এইমছে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি সম্প্ৰতি তেখেতে কিছু সুস্থ অনুভৱ কৰিছে আৰু তেখেতে চিকিৎসালয়ৰ পৰাই কামকাজ অব্যাহত ৰাখিব ৷ বিবৃতিত আৰু প্ৰকাশ কৰিছে যে, তেখেতক কোভিড 19ৰ পৰৱৰ্তী চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷