অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব এন চি পি নেতা শাৰদ পাৱাৰে - 12 বাজি 30 মিনিটত মোদীক সাক্ষাৎ এন চি পি নেতাগৰাকীয়ে

বুধবাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব এন চি পি নেতা শাৰদ পাৱাৰে ৷ দিনৰ প্ৰায় 12 বাজি 30 মিনিটত সংসদস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মোদীক সাক্ষাৎ এন চি পি নেতাগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী মোদী আৰু এন চি পি নেতা শাৰদ পাৱাৰ

By

Published : Nov 20, 2019, 1:19 PM IST

নিউজ ডেস্ক, 20 নৱেম্বৰঃ বুধবাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব এন চি পি নেতা শাৰদ পাৱাৰে ৷ দিনৰ প্ৰায় 12 বাজি 30 মিনিটত সংসদস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মোদীক সাক্ষাৎ এন চি পি নেতাগৰাকীয়ে ৷ বৈঠকত মহাৰাষ্ট্ৰৰ কৃষকৰ সমস্যা আৰু শেহতীয়া ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

প্ৰধানমন্ত্ৰী মোদী আৰু এন চি পি নেতা শাৰদ পাৱাৰ

এন চি পি নেতা নৱাব মালিকে কয় যে, বৈঠকত মহাৰাষ্ট্ৰৰ কৃষক সকলৰ বাবে বৃহৎ পেকেজৰ আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ মহাৰাষ্ট্ৰত জটিল ৰাজনৈতিক সমীকৰণ, ৰাজ্যসভাত প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

উল্লেখ্য যে, ৰাজ্যসভাৰ 250 সংখ্যক অধিৱেশনৰ প্ৰথমটো দিনত নিজ ভাষণ প্ৰসংগত মোদীয়ে উল্লেখ কৰিছিল যে, বিজেপিকে ধৰি অনান্য দলক এন চি পি আৰু বিজু জনতা দলৰ পৰা আদৰ্শ ল'বলৈ আহ্বান জনাইছিল ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে, সংসদৰ কাৰ্যপালিকাক আগুৱাই নিয়াৰ ক্ষেত্ৰত দুয়োটি দলে যিধৰণে নিজৰ দায়িত্ব পালন কৰি আহিছে তাৰ প্ৰতি অনুপ্ৰেৰণা লোৱা উচিত ৷

ABOUT THE AUTHOR

...view details