অসম

assam

By

Published : Nov 20, 2019, 6:08 PM IST

ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ অচলাৱস্থাৰ সময়তে প্ৰধানমন্ত্ৰীৰে মিলিত পাৱাৰ

বুধবাৰে এন চি পি নেতা শাৰদ পাৱাৰ আৰু প্ৰধানমন্ত্ৰী মোডী এক বৈঠকত মিলিত হয় ৷ সোমবাৰে শাৰদ পাৱাৰ নেতৃত্বাধীন দলটোক প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যসভাৰ মজিয়াত প্ৰশংসা কৰাৰ পাচতে এই বৈঠকৰ আয়োজন কৰা হয় ৷

পাৱাৰ-মোডীৰ বৈঠক

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ :নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টী (NCP) ৰ নেতা শাৰদ পাৱাৰে বুধবাৰে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে অচলাৱস্থা সৃষ্টি হোৱাৰ সময়তে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ বৈঠকত সৈতে মিলিত হয় ৷

মোডীলৈ এখন পত্ৰত পাৱাৰে লিখে, "ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰাৰ ফলত আপোনাৰ হস্তক্ষেপৰ বহু প্ৰয়োজন হৈছে ৷ এই ক্ষেত্ৰত আপুনি অতি সোনকালে সহায় আগবঢ়োৱাৰ লগতে কৃষকসকলৰ দুখ-দুৰ্দশা আঁতৰাবলৈ চেষ্টা কৰিলে মই কৃতজ্ঞ হ'ম ৷"

এন চি পিৰ অন্যতম নেতা নৱাব মালিকে এই সম্পৰ্কত মন্তব্য কৰিছিল যে, বৈঠকত মহাৰাষ্ট্ৰৰ যিসকল কৃষকে আবতৰীয়া বৰষুণৰ বাবে ক্ষতিগ্ৰস্ত হৈছিল সেইসকলৰ বাবে বিশেষ সহায়ৰ আবেদন কৰিব এন চি পি নেতাগৰাকীয়ে ৷

সোমবাৰে শাৰদ পাৱাৰ নেতৃত্বাধীন দলটোক প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যসভাৰ মজিয়াত প্ৰশংসা কৰাৰ পাচতে এই বৈঠকৰ আয়োজন কৰা হয় ৷

ৰাজ্যসভাৰ 250 সংখ্যক অধিবেশনত মোডীয়ে মন্তব্য কৰিছিল যে, বিজেপিকে ধৰি অন্যান্য দলসমূহে এন চি পি আৰু নবীন পাটনায়কৰ বিজু জনতা দলৰ পৰা সংসদীয় আদৰ্শসমূহৰ ওপৰত শিক্ষা গ্ৰহণ কৰা উচিত ৷

এন চি পি আৰু কংগ্ৰেছে একগোট হৈ বিজেপিক মহাৰাষ্ট্ৰৰ শাসনৰ পৰা গাদীচ্যুত কৰিবলৈ চেষ্টা কৰাৰ সময়তে মোডীয়ে এনেদৰে প্ৰশংসা কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছিল ৷

উল্লেখ্য যে, 288 আসনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু শিৱসেনাই প্ৰতিদ্বন্দিতা আগবঢ়াই ক্ৰমে 105 আৰু 56 আসন দখল কৰিছিল ৷ কিন্তু নিৰ্বাচনৰ পাচতে শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰীত্বৰ বাব 2.5 বছৰৰ বাবে দাবী কৰাত দুয়ো দলৰ মাজত বিবাদৰ সৃষ্টি হৈছিল ৷ কিন্তু বিবাদ নিষ্পত্তি নোহোৱাত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছিল ৷

আনহাতে, ৰাজ্যখনত কংগ্ৰেছ আৰু এন চি পিয়ে ক্ৰমে 44 আৰু 54 খন আসন দখল কৰিছিল ৷
বুধবাৰৰ দিনটোতে কংগ্ৰেছ আৰু এন চি পিৰ বহুকেইজন জ্যেষ্ঠ নেতাই ন্যূনতম উমৈহতীয়া কাৰ্য আঁচনি (CMP) আৰু শিৱসেনাৰ সৈতে মিত্ৰজোঁটত চৰকাৰ গঠন সম্পৰ্কত আলোচনাৰ বাবে মিলিত হৈছে ৷

আৰু পঢ়ক : আম আদমী পাৰ্টিৰ অৱস্থান ধৰ্মঘট : দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details