পশ্চিম লাডাখত বিগত কেইবামাহত অনুষ্ঠিত হোৱা সৈন্য বাহিনীৰ কামাণ্ডাৰ স্তৰৰ বৈঠকবোৰৰ দৰেই সোমবাৰে ভাৰতীয় সীমাৰ চুচুল চকীৰ মোল্ডোত ১৪ ঘন্টা ধৰি অনুষ্ঠিত হোৱা মাৰাথন আলোচনাও কোনো স্পষ্ট ফলাফল নোহোৱাকৈয়ে সমাপ্ত হয় আৰু গতিৰোধ একেদৰেই অলৰ অচৰ অৱস্থাতেই আছে ৷
প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ ঘটনা প্ৰৱাহৰ খবৰ ৰখা এক সুত্ৰৰ মতে পশ্চিম লাডাখত চীনা পক্ষ নিজৰ সামৰিক স্থিতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আকোৰগোজ হৈ আছে আৰু “পাংগং ছ্য হ্রদৰ উত্তৰ পাৰ, ডেপছাং আৰু হট স্প্ৰিং এলেকাত অধিকাৰ কৰি থকা স্থানসমূহৰ পৰা নিষ্ক্ৰীয়কৰণ প্ৰক্ৰিয়াৰ সকলো ধৰণৰ পদ্ধতিক অস্বীকাৰ কৰিছে ৷ তদুপৰি, পিএলএ বিচাৰিছে যে ভাৰতীয় সৈন্যই নতুনকৈ অধিকাৰ কৰা নিজৰ প্ৰভাৱশালী এলেকাবোৰ, মূলতঃ পাংগং ছ্য হ্রদৰ দক্ষিণ পাৰৰ পৰা প্ৰস্থান কৰিব লাগে ৷ যিটো কোনো কাৰণতেই গ্রহণযোগ্য নহয় ৷”
যিহেতু গতিৰোধ শিথিল কৰাৰ পথত কোনো ধৰণৰ অগ্ৰগতি লাভ কৰিব পৰা নগ’ল ৷ গতিকে উভয় পক্ষই পুনৰ এপষেকৰ ভিতৰত বৈঠকত মিলিত হ’বলৈ সন্মত হৈছে ৷ সুত্ৰটোৱে পুনৰ এইদৰে জানিবলৈ দিয়ে ৷ এই বৈঠকখন হৈছে বিগত এপ্ৰিল-মে’ মাহত যুদ্ধ সদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ পাচৰে পৰা কেইবাটাও স্তৰত অনুষ্ঠিত হোৱা এলানি বৈঠকবোৰৰে এখন ৷
মোদী আৰু ঝীৰ আলোচনা
আলোচনাৰ সকলো পদ্ধতি বন্ধ হৈ যোৱাৰ পাচত এতিয়া কেৱল দেশ দুখনৰ শীৰ্ষ নেতৃত্বৰ ওপৰতহে এই সংঘাটৰ সমাধানৰ আশা ৰৈছে গৈ ৷ এইয়া কেৱল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ঝী জিংপিঙৰ বাবেহে সম্ভৱপৰ হ’ব ৷ কিয়নো দুয়ো হৈছে শক্তিশালী ৰাষ্ট্ৰীয়তাবাদী নেতা আৰু দুয়োগৰাকীয়েই এই সময়ত ঘৰুৱা জনপ্ৰিয়তাৰ শিখা হাতত লৈ আগুৱাইছে আৰু দুয়োৰে এখন শক্তিশালী চুক্তিৰ প্ৰস্তাৱনা কৰা তথা কাৰ্যকৰী কৰণ কৰাৰ সম্পূৰ্ণ সামৰ্থ্য আছে ৷
যদি এইয়াই নহয়গৈ, তেনেহ’লে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এলএছি) পৰিস্থিতি অধিক বেয়াৰ দিশে ঢাল খাবলৈ বাধ্য আৰু ই এখন যুদ্ধৰ পথ মুকলি কৰি দিব ৷ আনকি চীনে অক্টোবৰত ভাৰতক এক সন্মুখ সমৰলৈ থেলি দিয়াৰো পূৰ্ণ সম্ভাৱনা আছে ৷ ই এতিয়া যি পৰিস্থিতিত আছে এনে পৰিস্থিতিত নিষ্ক্ৰীয়কৰণৰ প্ৰক্ৰীয়া আৰু আন সকলো প্ৰট’ক’ল ব্যৰ্থ হৈছে ৷
কেৱল অক্টোবৰ কিয় ?
নৱেম্বৰ মাহৰে পৰা তথা তাৰ পাচত প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ পৰিস্থিতি যিকোনো মানৱীয় কাৰ্যকলাপৰ বাবেই ভয়ানকভাৱে প্ৰতিকূল হৈ পৰে ৷ সঘন তুষাৰপাত, হাড় গোট মৰা তাপমান, জাৰৰ কাৰকসমূহৰ লগতে কম ঘনত্বৰ বায়ুৰ কথা নকলেও হ’ব; এই সকলোবোৰ মিলি যুদ্ধ কৰাটো বাদেই যিকোনো ধৰণৰ মানৱীয় কাম কাজ সম্পন্ন কৰাটোৱেই অসম্ভৱ হৈ পৰে ৷ আনহাতে, বৰফাবৃত হিমালয়ৰ সু উচ্চতাত বৰফ গলা সময়লৈকে সৈন্য বাহিনীৰ বৰ্দ্ধিত সংখ্যা আৰু যুদ্ধৰ সা-সৰঞ্জামবোৰ পৰিচালনা কৰি ৰখাটো দুয়োখন দেশৰ বাবেই এক অৰ্থনৈতিক বোজাত পৰিণত হ’ব পাৰে ৷ যদিও ভাৰতীয় অৰ্থনীতি বিভিন্ন অৰ্থনৈতিক কাৰণসমূহৰ বাবে নিৰন্তৰভাৱে নিম্নগামী হ’বলৈ ধৰিছে আৰু ক’ভিড ১৯ এও ইয়াক প্ৰচণ্ড আঘাট হানিছে; তথাপি অনাগত উৎসৱৰ ঋতু (অক্টোবৰ-জানুৱাৰী) আৰু আসন্ন ৰবি শস্যৰ উৎপাদনে অৰ্থনীতিক পুনৰুদ্ধাৰ কৰাৰ সম্ভাৱনীয়তা আছে ৷ কিয়নো এইয়া যিহেতু উৎসৱবোৰ উদ্যাপন কৰাৰ আৰু বিবাহবোৰ সম্পন্ন হোৱাৰ সময় সেয়েহে গ্ৰাহকৰ মাজত বৃহৎ চাহিদাৰ সৃষ্টি হ’ব ৷ ই অন্তঃত সংকুচিত হ’বলৈ ধৰা ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাক সকাহ দিয়া আৰু আৱশ্যম্ভাৱি লোকচানবোৰক হ্ৰাস কৰাৰ ক্ষেত্ৰত এক বৃহৎ সুযোগ প্ৰদান কৰিব ৷
চীনে তেওঁলোকৰ ৰণনৈতিক কৌশলৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ জৰিয়তে ভাৰতে নিজৰ অৰ্থনীতিক পুনৰুদ্ধাৰ কৰিবলৈ লোৱা উপায়বোৰক ধ্বংস কৰিবলৈ চেষ্টা চলাব পাৰে আৰু সেয়ে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ৷ উদাহৰণ স্বৰূপে কব পাৰি যে গধুৰ সামৰিক সা-সৰঞ্জামবোৰৰ সৈতে ৪০ হাজাৰৰ এক অতিৰিক্ত বাহিনীক পৰিচালনা কৰি থকাটো অৰ্থনীতিৰ ওপৰত ইতিমধ্যেই এক ডাঙৰ বোজা হিচাপে প্ৰমাণিত হোৱা দেখা গৈছে ৷