অসম

assam

ETV Bharat / bharat

দক্ষিণ কেন্দ্ৰীয় ৰে'লৱে চলাব 32 খন দ্ৰুতবেগী মালবাহী ৰে'ল - দক্ষিণ কেন্দ্ৰীয় ৰে'লৱে

লক ডাউনৰ সময়ত সামগ্ৰী যোগানৰ ক্ষেত্ৰত সৃষ্টি হোৱা নাটনি সমূহ দূৰ কৰাবলৈ এই সিদ্ধান্ত দক্ষিণ কেন্দ্ৰীয় ৰে'লৱেৰ । ইয়াৰ ফলত খৰতকীয়া হ'ব যোগাযোগ ।

দক্ষিণ কেন্দ্ৰীয় ৰে'লৱে চলাব  32 খন দ্ৰুতবেগী মালবাহী ৰে'ল
দক্ষিণ কেন্দ্ৰীয় ৰে'লৱে চলাব 32 খন দ্ৰুতবেগী মালবাহী ৰে'ল

By

Published : Apr 8, 2020, 9:56 AM IST

নিউজ ডেস্ক, 8 এপ্ৰিলঃ লক ডাউনৰ সময়ত ভাৰতীয় ৰে'লৱে বন্ধ ৰাখিছে যাত্ৰীবাহি ৰে'লৰ চলাচল । তাৰ বিপৰীতে লক ডাউনৰ বিগত 16 দিনত অব্যাহত ৰাখিছে মালবাহি ট্ৰেইন সমূহৰ চলাচল । মালবাহি ট্ৰেইনৰ চলাচলৰ ব্যৱস্থাটো আৰু অধিক তৰান্বিত কৰিবলৈ দক্ষিণ কেন্দ্ৰীয় ৰে'লৱে এক সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি 32 খন দ্ৰুতবেগী মালবাহী ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে ।

দ্ৰুতবেগী ৰেল চলাচলে লকডাউনৰ বাকীৰোৱা দিন কেইটাত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ব্যৱস্থাটোক খৰতকীয়া কৰিব । এসপ্তাহলৈ চলিব লগীয়া এই ৰেল সমূহ ঘণ্টাত 55 কিল'মিটাৰতকৈ অধিক বেগেৰে যাব । ইয়াত কোনো যাত্ৰী যাব নোৱাৰিব । অধিকাংশ ট্ৰেইন অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ মাজত চলিব ।

8 পৰা 14 এপ্ৰিললৈ চলিব লগীয়া এই ৰে'ল সমূহৰ অধিকাংশই নিয়ন্ত্ৰিত হ'ব চিকেণ্ডাৰাবাদৰ পৰা । ঔষধৰ লগতে সমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত প্ৰভাৱ পেলাব এই দ্ৰুত যোগাযোগ ব্যৱস্থাই ।

ABOUT THE AUTHOR

...view details