নেশ্যনেল ডেস্ক, 8 জুলাইঃবুধবাৰে মুম্বাই আৰক্ষীয়ে ডঃ বাবাচাহেব আম্বেদকাৰৰ মুম্বাইস্থিত বাসগৃহ ৰাজগৃহত কোনো অচিনাক্ত লোকে আক্ৰমণ কৰাৰ অভিযোগত সেই অজ্ঞাত লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷
বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, মঙলবাৰে নিশা দুজন লোকে বাসগৃহটোৰ কাঁচৰ খিৰিকীলৈ শিলগুটি নিক্ষেপ কৰে আৰু তাত থকা চিচিটিভি কেমেৰা ভাঙি দিয়ে ৷ লগতে দাদৰ এলেকাত থকা বাসগৃহটোৰ গছপুলি ৰোৱা তাববোৰৰ ক্ষতি কৰে ৷
দেশৰ সংবিধান প্ৰণেতা গৰাকীৰ পূৰ্বৰ বাসগৃহত থকা চিচিটিভি ফুটেজত এগৰাকী লোকে পলায়ন কৰাৰ পূৰ্বে বাসগৃহটোৰ পৰিসৰত থকা ফুলৰ তাব সমূহ ভাঙি থকা দেখা গৈছিল ৷ যাৰ বাবে মাটুংগা আৰক্ষীয়ে সেই ঘটনাৰ প্ৰাথমিক পৰ্যায়ৰ এক তদন্ত আৰম্ভ কৰে ৷
দাদৰৰ হিন্দু কলনীস্থিত দুমহলীয়া সেই কীৰ্তিচিহ্ন স্বৰূপ অট্টলিকাটোত আছে আম্বেদকাৰ সংগ্ৰহালয় ৷ য'ত সংবিধান প্ৰণেতা বাবাচাহেবৰ গ্ৰন্থ, চিত্ৰ, চিতাভষ্ম, বাচন আৰু তেওঁৰ ভিন্ন কলা-কৃষ্টিসমূহ সংৰক্ষণ কৰি থোৱা আছে ৷