নিউজ ডেস্ক, 8 জুলাইঃ বিচ্ছিন্নতাবাদীয়ে আহ্বান জনোৱা কাশ্মীৰ বন্ধৰ পৰিপ্ৰেক্ষিতত সোমবাৰে স্থগিত ৰখা হয় পবিত্ৰ অমৰনাথ যাত্ৰা ৷ বন্ধৰ সময়ছোৱাত সংঘটিত হ'ব পৰা যিকোনো কূটাঘাতমূলক কাৰ্যকলাপ ৰোধ কৰিবলৈ এইদৰে যাত্ৰা স্থগিত ৰাখে ৰাজ্য প্ৰশাসনে ৷
সুৰক্ষাজনিত কাৰণত স্থগিত অমৰনাথ যাত্ৰা - Hizbul Mujahideen commander Burhan Wani
বিচ্ছিন্নতাবাদীয়ে আহ্বান জনোৱা কাশ্মীৰ বন্ধৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ পৰে অমৰনাথ যাত্ৰা ৷ সম্ভাব্য কূটাঘাতমূলক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য প্ৰশাসনে বন্ধ কৰি ৰাখে অমৰনাথ যাত্ৰা ৷
সুৰক্ষাজনিত কাৰণত স্থগিত অমৰনাথ যাত্ৰা
উল্লেখ্য যে, 2016 চনত আজিৰ দিনটোতে ভাৰতীয় সেনাৰ 19 ৰাষ্ট্ৰীয় ৰাইফলছৰ বুলেটত নিহত হৈছিল সন্ত্ৰাসবাদী বুৰহান ৱানী ৷ কাশ্মীৰৰ যুৱপ্ৰজন্মক বিপথে পৰিচালিত কৰা হিজবুল মুজাহিদীনৰ কামাণ্ডাৰ ৱানীৰ লগতে ৱানীৰ সংগী সৰ্বমুঠ 10গৰাকীকৈ ম'ষ্ট ৱান্টেদ সন্ত্ৰাসবাদী সেনা বুলেটত ইতিমধ্যেই চিৰনিদ্ৰা লাভ কৰিছে ৷
কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি কাইলৈ অৰ্থাৎ মঙলবাৰে পুনৰ এই যাত্ৰা আৰম্ভ হ'ব ৷ দেওবাৰৰ নিশালৈ চলিত বৰ্ষৰ পবিত্ৰ অমৰনাথ যাত্ৰাত প্ৰায় 95হাজাৰ ভক্তই অংশগ্ৰহণ কৰিছে ৷