অসম

assam

পঞ্জাৱত হাই এলাৰ্ট জাৰী কৰিলে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে

By

Published : Jan 27, 2021, 12:09 PM IST

দিল্লীত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে পঞ্জাৱত হাই এলাৰ্ট জাৰী কৰিছে মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ৷ প্ৰতিবাদী কৃষকক দিল্লী ত্যাগ কৰি সিংঘু সীমান্তলৈ উভতি আহিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Punjab Chief Minister Amarinder Singh
Punjab Chief Minister Amarinder Singh

নিউজ ডেস্ক, 27 জানুৱাৰী :পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে মঙলবাৰে কয় যে, নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত কৃষকে উলিওৱা ট্ৰেক্টৰ সমদল গ্ৰহণযোগ্য নহয় আৰু আনকি তেওঁ ৰাজ্যজুৰি হাই এলাৰ্ট জাৰী কৰিছে ৷ লালকিল্লাত সংঘটিত হোৱা ঘটনাক তীব্ৰভাৱে নিন্দা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে কৃষকসকলক অনতিপলমে সেই ৰাজধানী ত্যাগ কৰি সীমান্ত অঞ্চললৈ আহিবলৈ অনুৰোধ জনাইছে অমৰিন্দৰ সিঙে ৷

দিল্লীত হিংসাত্মক পৰিস্থিতি চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী সিঙে পঞ্জাৱত হাই এলাৰ্ট জাৰী কৰিছে ৷ তাৰোপৰি ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি যাতে কোনো কৰাণতে বিঘ্নিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰক্ষী সঞ্চালক প্ৰধান দীনকৰ গুপ্তাক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাজধানী দিল্লীত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কয় যে, এই হিংসা সেই সকলে সংঘটিত কৰাতো স্পষ্ট হৈ পৰিছে, যি দিল্লী আৰক্ষী আৰু কৃষক সংগঠনৰ মাজত চুক্তি অনুসৰি অনুষ্ঠিত হোৱা ট্ৰেক্টৰ সমদলত নিয়ম ভংগ কৰিছে ৷ এইয়া অতি দুৰ্ভাগ্যজনক আৰু ই কৃষকৰ শান্তিপূৰ্ণ আন্দোলত ব্যাঘাত জন্মালে ৷

কৃষক নেতাসকলে ইতিমধ্যে স্পষ্টভাৱে এই হিংসাত্মক কাৰ্যৰ পৰা নিজকে আঁতৰাই আনিছে ৷ এই সন্দৰ্ভত কেপ্টেইন সিঙে কয় যে, আগ্ৰাসী কৃষক সকলে অতি শীঘ্ৰে ৰাজধানী চহৰ পৰিত্যাগ কৰা উচিত আৰু চৰকাৰ পক্ষৰ সৈতে আলোচনাত মিলিত হোৱা উচিত ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষক সকলক তেওঁলোকৰ প্ৰতিবাদ বিগত দুমাহৰ দৰে শান্তিপূৰ্ণভাৱে চলাই নিবলৈও কৃষকসকলক আহ্বান জনায় ৷

লগতে পঢ়ক : 70 বছৰৰ পাচত দান্তেৱাৰাৰ নক্সাল এলেকাত প্ৰথমবাৰ উৰিল ত্ৰিৰংগা

ABOUT THE AUTHOR

...view details