অসম

assam

ETV Bharat / bharat

বুলবুল ছবিখনৰ জৰিয়তে নাৰী সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে : অনুস্কা শৰ্মা - অনুস্কা শৰ্মা

Netflix ত অভিনেত্ৰী অনুস্কা শৰ্মাৰ প্ৰথমখন ছবি ‘বুলবুল’ মুক্তি লাভ কৰাৰ পিচতে বৃহস্পতিবাৰে অভিনেত্ৰী গৰাকীয়ে জনায় যে, তেওঁ সদাই তেওঁৰ নিজৰ প্ৰডাকশ্চন কোম্পানী Clean Slate Filmz ৰ জৰিয়তে মহিলা সকলৰ বিকাশ আৰু নাৰী সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ।

always-wanted-to-show-strong-independent-women-anushka-sharma-on-success-of-bulbbul
always-wanted-to-show-strong-independent-women-anushka-sharma-on-success-of-bulbbul

By

Published : Jun 25, 2020, 7:16 PM IST

নিউজ ডেস্ক, ২৫ জুন :Netflix ত অভিনেত্ৰী অনুস্কা শৰ্মাৰ প্ৰথমখন ছবি ‘বুলবুল’ মুক্তি লাভ কৰাৰ পিচতে বৃহস্পতিবাৰে অভিনেত্ৰী গৰাকীয়ে জনায় যে, তেওঁ সদাই তেওঁৰ নিজৰ প্ৰডাকশ্চন কোম্পানী Clean Slate Filmz ৰ জৰিয়তে মহিলা সকলৰ বিকাশ আৰু নাৰী সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ।

অভিনেত্ৰী গৰাকীয়ে পুনৰ জনাই যে, আমি ছবিৰ মাধ্যমে সদাই মহিলা সকলৰ স্বাধীনতা, বিকাশ আৰু অধিকাৰ সন্দৰ্ভত বিস্তৃত ৰূপত দেখুওৱাবলৈ চেষ্টা চলাই আহিছো আৰু বুলবুল ছবিখনো তাৰেই এক প্ৰতিৰূপ বুলি অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰে ।

বুলবুল ছবিখনৰ জৰিয়তে নাৰী সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছেঃ অনুস্কা শৰ্মা

ছবিখনৰ প্ৰীমিয়াৰৰ পিচতে ছবিখনে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । লগতে তেওঁ কয় যে, দৰ্শকে ছবিখন আঁকোৱালি লোৱাত তেওঁ অতিশয় সুখী । কিয়নো ছবিখন বাস্তৱ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল ।

উল্লেখ্য যে, অনুস্কা শৰ্মাই নিজৰ ভাতৃ কৰ্নেশ শৰ্মাৰ সৈতে তেওঁলোকৰ নিজৰ প্ৰডাকশ্চন Clean Slate Filmz ৰ জৰিয়তে ছবিখন নিৰ্মাণ কৰিছিল । তেওঁলোকে প্ৰথমবাৰৰ বাবে ছবি নিৰ্মাতা হিচাপে আত্ম প্ৰকাশ কৰিছে ।

অনুস্কা শৰ্মাই পুনৰ কয় যে, আমি বহুত ভয়ৰে ছবিখন নিৰ্মাণ কৰিবলৈ লৈছিলো । আমি এটা কথাত বিশ্বাসী আছিলো যে, আমাৰ হাতত হেৰুওৱাবলৈ একো নাই । গতিকে বিশ্বাস আৰু সাহস আগত ৰাখি আমি কাম আৰম্ভ কৰিছিলো । লগতে ছবিখনত বহু কেইগৰাকী প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰী, সংগীতকাৰে সমৰ্থন জনাইছে যাৰবাবে তেওঁ অতিশয় সুখী । এনেকুৱা ধৰণৰ ছবি আমি পিচতো নিৰ্মাণ কৰিব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : মাস্কখনক হিন্দীত বাৰু কি কয় ! উত্তৰ দিলে বিগ বিয়ে

ABOUT THE AUTHOR

...view details