নিউজ ডেস্ক,2 জুলাই:বিশ্ব তথা দেশত ক্ৰমশ বৃদ্ধি পাইছে কোভিড-19ৰ ভয়াৱহতা ৷কেন্দ্ৰ,ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলসমূহ এই মহামাৰীক ৰোধ কৰাৰ বাবে ICMRৰ দ্ধাৰা কোভিড-19ৰ ভয়াৱহতা প্ৰতিৰোধৰ বাবে এক ব্যৱস্থা হাতত লোৱা হৈছে ৷ কোভিড-19ৰ প্ৰয়োগশালাৰ সুবিধাসমূহ ব্যৱহাৰ কৰি কোনো ব্যক্তিৰ কোভিড-19 পৰীক্ষণ সম্পন্ন কৰাৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসাৰ লগত জড়িত সকলোকে অতি শীঘ্ৰে পৰীক্ষণ সম্পন্ন কৰাৰ অনুশীলন দিয়াৰ ব্যৱস্থা কৰা হ'ব৷ যাৰ দ্ধাৰা দেশত কোভিড-19ক প্ৰতিৰোধ কৰিব পৰা যাব বুলি এক আশংকা কৰা হৈছে৷
কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদন আৰু ICMRৰ মহানিৰ্দেশক ড0 বলৰাম ভাৰ্গৱৰ দ্ধাৰা কোভিড-19ৰ তথ্য সম্বন্ধে যৌথভাৱে লিখা এখন পত্ৰত উল্লেখিত হৈথে কেতবোৰ সিদ্ধান্ত৷ পত্ৰখনত কোভিড-19ক ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে বহু বযৱস্থা৷ পত্ৰখনত উল্লেখিত অনুসৰি,কিছু ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলত কিছু বিশেষ ব্যক্তিগত চিকিৎসা কেন্দ্ৰৰ দ্ধাৰা কোভিড-19 ৰ পৰীক্ষণ চলি আছে৷ প্ৰতিজন ব্যক্তিৰ কোভিড-19 পৰীক্ষণৰ ক্ষেত্ৰত প্ৰয়োগশালাৰ ক্ষমতা,উপযোগিতা সফল কৰিবৰ বাবে বহু গুৰুত্ব প্ৰদান কৰা হৈছে ৷
অন্য এক খবৰৰ বাবে: কোভিড-19 : অসমৰ শেহতীয়া পৰিস্থিতি
পত্ৰৰ জৰিয়তে তেওঁলোকে কয় যে, কোভিড-19ৰ পৰীক্ষণসমূহত প্ৰয়োগশালাৰ সুবিধাসমূহ ব্যৱহাৰ কৰি নিশ্চিত ফলাফল লাভৰ বাবে সম্ভাব্য সকলো পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা কৰি থকা হৈছে৷ তেওঁলোকে উল্লেখ কৰা অনুসৰি, কিছু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কোভিড-19ৰ পৰীক্ষণৰ বাবে গ্ৰহণ কৰা হৈছে এক ব্যৱস্থা৷ কোভিড-19ৰ পৰীক্ষাৰ সম্পন্ন কৰাৰ সময়ত এজন ব্যক্তিক চৰকাৰী চিকিৎসকৰ তত্বাৱধানত ৰাখি চিকিৎসকগৰাকীৰ প্ৰেসক্ৰিপশন দিয়াৰ ব্যৱস্থা কৰা হ'ব৷ তাৰ পাছত প্ৰয়োগশালাৰ দ্ধাৰা উপযুক্ত সুবিধাসমূহ ব্যক্তিজনৰ বাবে গ্ৰহণ কৰা হ'ব৷
চৰকাৰী স্বাস্থ্যসেৱাসমূহত এই বাধ্যতামূলক প্ৰয়োজনীয় পৰীক্ষণসমূহ সম্পন্ন কৰাৰ বাবে সময় তথা কিছু বাধা আহিব পাৰে ৷ কিন্তু এইক্ষেত্ৰত সকলো পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰা হয় পত্ৰখনত৷
অন্য এক খবৰৰ বাবে: দেশৰ বিভিন্ন ৰাজ্যৰ COVID-19 ৰ শেহতীয়া তথ্য
পত্ৰখনত উল্লেখ কৰা অনুসৰি, ICMRৰ নিৰ্দেশক মানি পৰীক্ষাৰ মানদণ্ড পূৰণ কৰিবৰ বাবে কোনো ব্যক্তিৰ কোভিড-19 পৰীক্ষণৰ সময়ত ব্যক্তিগত চিকিৎসকৰ দ্ধাৰা লাভ কৰা প্ৰেসক্ৰিপশনৰ মতেই চৰকাৰী চিকিৎসকসকলে তাৎক্ষণিক ভাৱে আৰম্ভ কৰিব লাগিব পৰীক্ষণ প্ৰণালী৷ ICMRৰ নিৰ্দেশ অনুসৰি প্ৰয়োগশালাৰ দ্ধাৰা কোভিড-19ৰ পৰীক্ষণৰ সময়ত এজন ব্যক্তি শক্তিশালী হোৱা অতিকৈ প্ৰয়োজন৷ ৰাজ্যৰ অধিকাৰীসকলে যাতে কোনো ব্যক্তিৰ কোভিড-19 পৰীক্ষণৰ ক্ষেত্ৰত কোনো আপোচ নকৰে তাৰ বাবে লক্ষ্য ৰখা উচিত৷ কিয়নো প্ৰতিজন ব্যক্তিৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সকলোৱে সহায়ৰ বাবে আগবাঢ়ি অহাৰ প্ৰয়োজন বৰ্তমান সময়ত৷
বিশ্বৰ আন দেশৰ তুলনাত ভাৰতৰ অধিকাংশ অঞ্চলত বৰ্তমান অসুস্থতা তথা মৃত্যু হাৰ তুলনামূলকভাৱে হ্ৰাস পাই আছে৷ কৰ'ণা ভাইৰাছ সন্দৰ্ভত সুদান আৰু ভাৰ্গৱে পত্ৰখনত উল্লেখ কৰে যে, দেশৰ বহু ৰাজ্যত নতুনকৈ কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে৷ এই সন্দৰ্ভত কঠোৰ দৃষ্টি ৰাখি কোভিড-19ৰ ভয়াৱহতা ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত থকাৰ কথা উল্লেখ কৰে৷ কোভিড-19 সন্দৰ্ভত লিখা পত্ৰখন সচিব, ৰাজ্যপাল আৰু উপৰাজ্যলৈকে প্ৰেৰণ কৰা হৈছে৷