অসম

assam

ETV Bharat / bharat

প্ৰসংগ অসম-মিজোৰাম সীমান্তঃ শাম কটা নাই উত্তেজনা

অসম আৰু মিজোৰামে শেহতীয়াকৈ 164.6 কিলোমিটাৰ আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই সংঘাতপূৰ্ণ পৰিস্থিতিৰ মাজতে টেৰিটৰিয়েলৰ দাবী উত্থাপন হৈ আহিছিল ৷

All you need to know Assam Mizo Border Dispute
প্ৰসংগ অসম-মিজোৰাম সীমান্তঃ শাম কটা নাই উত্তেজনা

By

Published : Oct 19, 2020, 8:04 PM IST

নিউজ ডেস্ক, 19 অক্টোবৰ :অসম আৰু মিজোৰামে শেহতীয়াকৈ 164.6 কিলোমিটাৰ আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই সংঘাতপূৰ্ণ পৰিস্থিতিৰ মাজতে টেৰিটৰিয়েলৰ দাবী উত্থাপন হৈ আহিছিল ৷ লগতে 1995 চনৰ পৰাই সীমা সমস্যা সন্দৰ্ভত দাবী উত্থাপন হৈ আহিছিল ৷

শেহতীয়াকৈ অসম-মিজোৰাম সীমান্তত সীমা কেন্দ্ৰিক বিবাদৰ বাবে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ অভিযোগ অনুসৰি, মিজো লোকৰ আগ্ৰাসনৰ ফলত মিজো আৰু অসমীয়াৰ মাজত উক্ত সংঘাতৰ সৃষ্টি হৈছিল ৷ মিজো লোকে অসমৰ ভূমিৰ তিনিখন দোকান জ্বলাই দিয়াৰ লগতে বোমা বিস্ফোৰণ ঘটাবলৈ সক্ষম হৈছিল যাৰ ফলস্বৰূপে অসম ভূমিৰ এগৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছিল ৷

উক্ত ঘটনাৰ পিচতে ঘটনাস্থলীত আৰক্ষীৰ লোক মোতায়ন কৰি পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে চেষ্টা কৰিছিল ৷ বৰ্তমান পৰিস্থিতি কিছু শান্ত হৈছে যদিও উক্ত অঞ্চলত চেপা উত্তেজনা অব্যাহত আছে ৷

লগতে পঢ়ক :সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

ABOUT THE AUTHOR

...view details